বিনোদনমহিলাযুৱশীৰ্ষসাক্ষাৎকাৰ

জীৱনৰ প্ৰথম এলবামটোৰ চাৰিটা গীত শাহুমাৰ: মৌৰুচি বৰা

অতি কম সময়ৰ ভিতৰত অসমৰ ৰাইজৰ হিয়াৰ আমঠু হৈ পৰা নৱ প্ৰজন্মৰ জনপ্ৰিয় কণ্ঠশিল্পী মৌৰুচি বৰাৰ সৈতে কিছু অন্তৰংগ আলাপ। “শদিয়াৰ ৰুক্মিণী” শীৰ্ষক গীতটিৰে খ্যাতি অৰ্জন কৰা এইগৰাকী শিল্পীৰ লগত প্ৰথম খবৰৰ হৈ সাক্ষাৎ গ্ৰহণ কৰিলে তৰালী দেৱীয়ে-

“যি সময়ত সস্তীয়া জনপ্ৰিয়তাৰ পিছত এচাম শিল্পীয়ে দৌৰিছে তাৰে মাজত এগৰাকী ব্যতিক্ৰমী শিল্পী হল মৌৰুচি বৰা।”

সংগীতৰ যাত্ৰাত ঘৰখনৰ অৰিহণা কেনেকুৱা?

মোৰ ঘৰখনত মা-দেউতা,দাদা-বাইদেউৱে সকলোৱে অনুপ্ৰাণিত কৰিছিল। মোৰ দেউতাও এজন গায়ক। তেওঁ যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ত শ্ৰেষ্ঠ কণ্ঠশিল্পী আছিল। কিন্তু আৰ‌‌‌‌ক্ষী বিভাগৰ ব্যস্ত চাকৰিৰ বাবে লাহে লাহে তেখেতৰ সংগীত চৰ্চা ক্ৰমাৎ কমি আহিছিল। দেউতাৰ ব্যস্ততাৰ বাবে গানৰ প্ৰতি থকা মোৰ উৎসাহ দেখি মা জুনু বৰাই মোক গান গাবলৈ বিভিন্ন ঠাইলৈ লৈ গৈছিল।

সংগীতৰ ক্ষেত্ৰখনত আপুনি কেতিয়াৰ পৰা জড়িত হৈ পৰিল?

মই সৰু কালৰ পৰাই সংগীতৰ লগত জড়িত। দাদা বাইদেউৱে হাৰমনিয়ম,তবলা লৈ সদায় ৰেৱাজ কৰিছিল আৰু সিহঁতক চাই চাই মই ভাবিছিলোঁ মইও গান গাব পাৰিম। প্ৰথমে মই টেপ ৰেকৰ্ডাৰত শুনি শুনিয়েই বহু গান শিকিছিলোঁ আৰু বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলোঁ। এনেদৰেই মই সংগীতৰ ক্ষেত্ৰখনত জড়িত হৈ পাৰোঁ।

আপোনাৰ শৈশৱ কাল আৰু শিক্ষাগত জীৱনৰ বিষয়ে জানিব বিচাৰিম?

যোৰহাট গৰুমৰা অঞ্চলৰ ভিতৰুৱা গাওঁ এখনত মোৰ জন্ম হয়। গৰুমৰা এম ই স্কুলত মই প্ৰাথমিক শিক্ষা গ্ৰহণ কৰোঁ আৰু সেই সময়তেই ৰাভা সংগীত,জ্যোতি সংগীতৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলোঁ আৰু পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিলোঁ। দেউতা প্ৰদীপ কুমাৰ বৰা আৰক্ষী বিভাগৰ চাকৰিয়াল হোৱা বাবে বিভিন্ন ঠাইলৈ সঘনাই বদলি হ’বলগীয়া হৈছিল। সেয়েহে আমাৰ বহু দায়িত্ব মায়েই লৈছিল। মই পঞ্চম শ্ৰেণীলৈ উত্তীৰ্ণ হওঁতে আমি গোলাঘাটলৈ আহিলোঁ। তাতে দেউতাই ঘৰ সাজিলে। স্কুলীয়া শিক্ষাৰ বাবে গোলাঘাটত দণ্ডধৰ বৰুৱা বালিকা বিদ্যালয়ত নামভৰ্তি কৰিছিলোঁ। কলেজীয়া শিক্ষা গ্ৰহণ কৰিছিলোঁ। হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ৰ পৰা। সেইখন মহাবিদ্যালয়ত একেৰাহে তিনিটা বছৰ মই শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ খিতাপ অৰ্জন কৰিছিলোঁ।

আপুনি বিবাহ পাশত কেতিয়া আৱদ্ধ হয়?

২০১১ চনৰ জানুৱাৰী মাহত মই বিবাহ পাশত আৱদ্ধ হওঁ। মোৰ স্বামী দেৱোত্তম শইকীয়া। পেছাত তেখেত এগৰাকী ছাউণ্ড ইঞ্জিনীয়াৰ।

আপুনি কণ্ঠদান কৰা প্ৰথমটি গীতৰ বিষয়ে কি ক’ব?

নৱম শ্ৰেণীত পঢ়ি থাকোঁতেই মোৰ জীৱনৰ প্ৰথমটো গীত বাণীবদ্ধ হয়।

মৌৰুচিৰ গুণগুণ এলবামটিৰ  বিষয়ে জানিব বিচাৰিম?

বিয়াৰ পাছতে স্বামীৰ কৰ্মসূত্ৰে মই মুম্বাইলৈ যাওঁ। মুম্বাইত থকা সময়ছোৱাত মই মোৰ সপোনক বাস্তৱ ৰুপ দি এটি অসমীয়া গীতৰ এলবাম কৰিছিলোঁ। সেয়াই হ’ল মৌৰুচিৰ গুণগুণ। এলবামটোৰ চাৰিটা গীতৰ কথা মোৰ শাহুমাৰ। এটা গীতৰ কথা আছিল সংগীতজ্ঞ পৰিমল বৰুৱাৰ আৰু আনটো মোৰ। সুৰ কৰিছিলোঁ মই আৰু মোৰ স্বামীয়ে। আন এটা গীতৰ সুৰ পৰিমল দাৰ। মুম্বাইতে এলবামটোৰ ৰেকডিং হৈছিল। এদিন ৰেকৰ্ডিং চলি থকা সময়ত জুবিন দা ষ্টুডিঅ’লৈ আহিছিল আৰু মোৰ গীত শুনি প্ৰশংসা কৰি মোক উৎসাহ দিছিল।

এগৰাকী সফল কণ্ঠশিল্পী হ’বলৈ হ’লে শাস্ত্ৰীয় সংগীতৰ প্ৰয়োজন কিমান বুলি ভাবে?

সফল কণ্ঠশিল্পী হ’বলৈ হ’লে শাস্ত্ৰীয় সংগীতৰ মই খুবেই প্ৰয়োজন অনুভৱ কৰোঁ। কাৰণ যিকোনো এটা গান আমি এনেই শুনি গাই দিব নোৱাৰোঁ। তাত সৰগম জনাৰ প্ৰয়োজনীয়তা আহি পৰে। সৰগম অবিহনে গানৰ সৃষ্টি হ’ব নোৱাৰে।

সংগীতৰ আনুষ্ঠানিক শিক্ষা ক’ত লৈছিল?

মই প্ৰথম সংগীতৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছিলো গোলাঘাটৰ ৰুমী শইকীয়া বাইদেউৰ ওচৰত। তাৰ পিছত যেতিয়া মুম্বাইলৈ গৈছিলো তাতে শিখা দত্তৰ ওচৰত সংগীতৰ তালিম লৈছিলো।

সংগীতৰ ক্ষেত্ৰখনত কোন কোন কণ্ঠশিল্পীৰ গায়কীয়ে আপোনাৰ সাংগীতিক জীৱনত প্ৰভাৱ পেলায়?

এই ক্ষেত্ৰত মই কণ্ঠশিল্পী শ্ৰেয়া ঘোষালৰ নাম ল’ব বিচাৰিম। তেওঁ মোৰ সকলো সময়তে প্রিয়। তেওঁৰ গান শুনি বৰ ভাল পাওঁ। যিহেতুকে মই মেলডি গান গাই বেছি ভাল পাওঁ,সেইবাবে শ্ৰেয়া ঘোষালৰ গান গাইয়ো বহুত ভাল পাওঁ।

আপোনাৰ গীতৰ এনেকুৱা কিবা বিশেষত্ব আছে বুলি ভাবেনে? যিয়ে আন কণ্ঠশিল্পীৰ গীতৰ পৰা আপোনাৰ গীত সমূহ পৃথক কৰি ৰাখে?

নিশ্চয়! মই এতিয়ালৈকে কণ্ঠদান কৰা প্ৰতিটো গীতৰ মাজতেই আপুনি মাটিৰ গোন্ধ পাব। তাৰেই ভিতৰত এটি গীত হ’ল “চিনাকি ৰূপহী”। নিজৰ গাওঁখনক লৈ গীতটি ৰচনা কৰিছিলো এবছৰ আগতে। গীতটি অসমৰ ৰাইজে সুন্দৰভাৱে আদৰি লৈছে।

সংগীতৰ জগতখনত ঘটা কিবা স্মৰণীয় মুহূৰ্তৰ বিষয়ে আপুনি কিবা ক’ব বিচাৰে নেকি?

মই কণ্ঠদান কৰা গীতবোৰ যেতিয়া ৰাইজে আঁকোৱালি লয় সেই সময়খিনি মোৰ খুবেই স্মৰণীয়।

আপুনি এতিয়ালৈকে কি কি ভাষাত গীত গালে?

অসমীয়া,হিন্দী,বঙালী,ইংৰাজী,ৰাজস্থানী আদি। মুম্বাইত থাকোতে বাংলা ভাষাৰ এটা ভিডিঅ’ এলবামত কণ্ঠদান কৰাৰ ওপৰিও বহুকেইটা জিংগলছ গাইছিলো।

অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰবোৰত গীত গাইছে নে?

হয়! ৰাজশ্রী,বৰদৈচিলা,আশীৰ্বাদ আদি থিয়েটাৰত গীত গাইছোঁ।

সুযোগ পালে বলিউডলৈ যোৱাৰ মন আছেনে?

হয়! নিশ্চয় আছে।

আপোনাৰ দৃষ্টিত গানৰ সংজ্ঞা কি?

গান মোৰ দৃষ্টিত এক বুজাৱ নোৱাৰা স্বৰ্গীয় অনুভূতি।

কণ্ঠশিল্পী নোহোৱাহেঁতেন আপুনি কি হ’বলৈ ইচ্ছা কৰিলেহেঁতেন?

মই ব্যৱসায়ী নতুবা ফেশ্বন ডিজাইনাৰ হ’লোহেঁতেন।

গান এটা ৰেকৰ্ডিং কৰাৰ আগতে আপুনি নিজকে শাৰীৰিক আৰু মানসিকভাৱে কিদৰে প্ৰস্তুত কৰি হয়?

আচলতে গান এটা ৰেকৰ্ডিং কৰাৰ আগতে তিনিটা কথা সদায় মন দিব লাগে- গীতৰ কথা,সুৰ আৰু গানটো কোন তালত আছে।

ভৱিষ্যতে কোনোবা বিশেষ কণ্ঠশিল্পীৰ সৈতে একেলগে কণ্ঠদান কৰাৰ হেঁপাহ মনত সাঁচি ৰাখিছেনে?

বলিউডৰ যিকোনো এজন কণ্ঠশিল্পীৰ সৈতে।

আজিৰ গান আৰু ডঃ ভূপেন হাজৰিকা দেৱৰ সময়ৰ গানৰ মাজত আপুনি কি পাৰ্থক্য আছে বুলি ক’ব বিচাৰে?

বহু পাৰ্থক্য আছে। বিশেষকৈ তেখেতৰ গীতৰ কথাবোৰ আজিৰ নৱ প্ৰজন্মই ঢুকি নাপায়। তেখেত আজিও আমাৰ মাজত জীয়াই আছে।

আমি শুনিছো আপুনি ৰান্ধি বৰ ভালপায়! এই সম্পৰ্কে আৰু আপোনাৰ প্ৰিয় খাদ্যৰ বিষয়ে জানিব বিচাৰিম?

সঁচাকৈয়ে মই ৰান্ধি বৰ ভালপাওঁ। যিকোনো থলুৱা খাদ্য মোৰ প্ৰিয় আৰু মাছৰ পিটিকা খাই মই বহুত ভালপাওঁ।

আপুনি কণ্ঠদান কৰা “হিয়াৰ দাপোণত” গীতটিত আপুনি নিজে অভিনয়ো কৰিছে। ভৱিষ্যতে আপুনি অভিনয়ৰ লগত জড়িত হ’ব বিচাৰে নেকি ?

হিয়াৰ দাপোণত গীতটি মোৰ মৌৰুচিৰ গুণগুণ এলবামটিৰে এটি গীত। গীতটিৰ অডিঅ’ৰ কাম কৰা হৈছিল ২০১৩ চনত। ভিডিঅ’ কৰা হয় ২০১৭ চনত। গীতটো অসমৰ ৰাইজে খুব সুন্দৰকৈ আঁকোৱালি লৈছে। গীতটিত মই অভিনয় কৰিছো। আচলতে অভিনয় কৰি মই খুব ভাল পাওঁ। ভৱিষ্যতত ভাল সুযোগ পালে অভিনয় কৰাৰ মন আছে।

শৈশৱৰ কিবা পাহৰিব নোৱাৰা ঘটনা?

মাছ ধৰি মই বৰ ভালপাওঁ। সৰুতে এবাৰ মাছ ধৰি থাকোঁতে মই পানীত উটি গৈছিলোঁ। অৱশেষত মোৰ খুড়ী এজনীয়ে মোক বচাইছিল। এই ঘটনাটো মোৰ জীৱনৰ এটি পাহৰিব নোৱাৰা আৰু হাঁহি উঠা ঘটনা।

আপোনাৰ শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত আৰু অসমৰ ৰাইজে সুন্দৰভাৱে গ্রহণ কৰা “শদিয়াৰ ৰুক্মিণী” (বিষু গীত) গীতটিৰ বিষয়ে জানিব বিচাৰিম! বিষুগীতৰ তাৎপৰ্য্যৰ বিষয়ে কি ক’ব?

এই গীতটি বিহুগীতৰ ক্ষেত্ৰত নিজাবৱীয়াকৈ মোৰ প্ৰথম প্ৰচেষ্টা। গীতটিত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা আৰু নিবেদিতা ইয়েন। গীতটিত মইও অভিনয় কৰিছো। বিষুগীত হ’ল চুতীয়া সকলে পৰিবেশন কৰা বিহুগীত। আচলতে চুতীয়া,দেউৰীসকলৰ মাজত বিষু প্ৰচলন আছে। “বিষু” শব্দটিৰ তাৎপৰ্য্য এয়ে যে বিষু আধ্যাত্মিক দিশৰ পৰা অহা শব্দ। আই কলিমতীক প্ৰাৰ্থনা কৰা হয়। প্ৰাৰ্থনা কৰি কলিমতী আইক সৰগৰ পৰা পৃথিৱীলৈ নমাই অনা হয়। মানুহৰ বিশ্বাস যে,আই কলিমতী পৃথিৱীলৈ আহি খেতিবাতি ভাল হোৱাত সহায় কৰে। মানুহৰ মাজত প্ৰেম-প্ৰীতিৰ ভাৱ সিঁচি দিয়ে। এয়াই হ’ল বিষুগীতৰ তাৎপৰ্য্য।

আপোনাৰ আহিবলগীয়া কিবা এলবাম আৰু বৰ্তমান আপুনি কি কামত ব্যস্ত?

২০১৮ বৰ্ষত কেইবাটাও এলবামৰ কাম হাতত লৈছোঁ। এলবামবোৰৰ কামতেই মই বৰ্তমান ব্যস্ত।

শেষত “প্ৰথম খবৰ”ৰ বিষয়ে কিবা ক’ব বিচাৰিব নেকি?

“প্ৰথম খবৰ” বাতৰিবোৰ চাই মই সঁচাকৈ বৰ ভাল পাওঁ। সকলো ৰাইজে আদৰি লওক প্ৰথম খবৰ। সদৌ শেষত”প্ৰথম খবৰ”ৰ দীৰ্ঘায়ু কামনা কৰিলোঁ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close