অসমশীৰ্ষ

টাটা ডি আই গাড়ী দূৰ্ঘটনাগ্ৰস্ত, নিহত ১,আহত১

প্ৰথম খবৰ, নগৰবেৰা: শিলিগুৰিৰ পৰা নগৰবেৰালৈ আলু ভৰ্তি টাটা ডি আই গাড়ী এখন আহি থকা অৱস্থাত ৰবিবাৰে গোৱালপাৰা জিলাৰ শোলমাৰীত শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। এই পথদূৰ্ঘটনাত গাড়ীৰ চালক জন গুৰুতৰভাবে আহত হোৱাৰ লগতে এজন লোক নিহত হোৱা ঘটনাই বৃহত্তৰ টুপামাৰী অঞ্চলত গভীৰ শোকৰ ছা পৰিছে।  জানিব পৰা মতে বকো সমষ্টিৰ অন্তৰ্গত টুপামাৰীৰ হাফিজ আলী ৩৮ নামৰ ব্যৱসায়ী জনে এ এছ ২৫ ছি ছি – ৭২৩৬ নম্বৰৰ টাটা ডি আই গাড়ীৰে আলু ভৰ্তি কৰি শিলিগুৰিৰ পৰা নগৰবেৰালৈ আহি থকা অৱস্থাত তীব্ৰ বেগী ডি আই গাড়ী খনে পথৰ দাঁতিত থকা গছত খুন্দা মাৰাত গাড়ী খনৰ সন্মুখ ভাগ চূৰ্ণ বিচূৰ্ণ হয়। এই দূৰ্ঘটনাত গাড়ীৰ চালক পৰাণ আলী গুৰুতৰভাৱে আহত হয়। সম্প্ৰতি চালক জন গোৱালপাৰা অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ইপিনে পথ দুৰ্ঘটনাত  নিহত হোৱা হাফিজৰ মৃত দেহ টুপামাৰীৰ নিজ গৃহত অনাৰ লগে লগে এক শোকাকুল পৰিবেশৰ সৃষ্টি হয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close