অসমনলবাৰী

টিহুত অগপ দলৰ সাংগঠিনক তৎপৰতা,পঞ্চায়ত নিৰ্বাচনী সমিতি গঠন

টিহুৰপৰা পংকজ বেজবৰুৱা,প্ৰথম খবৰ: ৰাজ্যত আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ দিন ধাৰ্য্য নকৰিলেও টিহুত অসম গণ পৰিষদ দলে সাংগঠিনক তৎপৰতা আৰম্ভ কৰা পৰিলক্ষিত হৈছে। এই অনুসৰি আজি টিহুৰ মহাত্মা গান্ধী ভৱন প্ৰেক্ষাগৃহত অগপৰ নলবাৰী জিলা সমিতিৰ উদ্যোগত এখন দলীয় সভা অনুষ্ঠিত হয়। টিহু জিলা পৰিষদ সমষ্টিৰ অন্তৰ্গত মথুৰাপুৰ,মাখিবাহা,জলখানা-ভঠুৱাখানা,নাথকুছি,পূৱ নামবৰভাগ আৰু পশ্চিম নামবৰভাগ আঞ্চলিক সমিতি সমূহৰ প্ৰতিনিধিত্বমুলক উক্ত সভাত সভাপতিত্ব কৰে টিহু মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক সোমনাথ ডেকাই।

নলবাৰী জিলা অগপৰ কাৰ্যনিৰ্বাহক সুৰেন্দ্ৰ নাথ কলিতাই উদ্দেশ্য ব্যাখ্যা কৰা উক্ত সভাত অগপৰ নলবাৰী জিলা সমিতিৰ সভাপতি অকণ মল্ল বৰুৱা আৰু সম্পাদক কেশৱ ডেকাই দলীয় পৰ্যবেক্ষক হিচাপে উপস্থিত থাকি অগপ দলক সাংগঠিনক ভাৱে শক্তিশালী কৰি পঞ্চায়ত নিৰ্বাচনলৈ সাজু হ’বলৈ দলীয়কৰ্মী সকলক আহ্বান জনায়। উক্ত সভাত সুৰেন্দ্ৰ নাথ কলিতাক সভাপতি,চৰণ লহকৰ আৰু মাধৱ শৰ্মাক যুটীয়া সম্পাদক হিচাপে লৈ এখন টিহু জিলা পৰিষদ সমষ্টি নিৰ্বাচন পৰিচালনা সমিতি গঠন কৰা হয়।

আনফালে বৃহত্তৰ টিহু অঞ্চলত অগপ দলে যুৱ শক্তিক আকৰ্ষিত কৰাৰ আঁচনি লোৱাৰ উপৰি আগন্তুক পঞ্চায়ত নিৰ্বাচনত নতুন মুখৰ নিকা ভাবমূৰ্তিৰ ব্যক্তিকহে অগ্ৰাধিকাৰ দিবলৈ অগপৰ স্থানীয় তৃণমূল কৰ্মী সকলে দলীয় নেতৃত্বৰ প্ৰতি আহ্বান জনাইছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close