অসমনলবাৰীসভা-সমিতি

টিহুৰ পূব নামবৰভাগ গাঁও পঞ্চায়তত ব্যাপক দুৰ্নীতিৰ অভিযোগ, আৰক্ষী থানাত গোচৰ ৰুজু

টিহুৰপৰা পংকজ বেজবৰুৱা,প্ৰথম খবৰ: নলবাৰী জিলাৰ টিহু উন্নয়ন খণ্ডৰ অন্তৰ্গত ৪৬নং পূব নামবৰভাগ গাঁও পঞ্চায়তৰ দহ গৰাকী সদস্যই চতুৰ্দশ বিত্তীয় আয়োগৰ আঁচনিৰ ধনৰ লগতে বিভিন্ন আঁচনিৰ ধন আত্মসাৎ কৰাৰ অভিযোগ তুলি পঞ্চায়তখনৰ সচিবৰ বিৰুদ্ধে টিহু আৰক্ষী থানাত এক গোচৰ দিয়া ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চ্যলৰ সৃষ্টি কৰিছে। গাঁও পঞ্চায়তখনৰ সদস্য সকলে কৰা অভিযোগ মতে, গাঁও পঞ্চায়তখনৰ সচিব শৰৎ বৰ্মনে ২০১৫-১৬ বৰ্ষৰ চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনৰ আঁচনিৰ ২য় কিস্তিৰ চৰকাৰী পুঁজি পঞ্চায়তৰ সদস্য-সদস্যাসকলৰ কাৰ্যনিৰ্বাহক সভা আহ্বান নকৰাকৈ নিজৰ মতে আঁচনি গ্ৰহণ কৰি চৰকাৰী ধনৰ অপব্যৱহাৰ কৰে। অভিযোগত আৰু প্ৰকাশ কৰা মতে, গাঁও পঞ্চায়তৰ নিজা পুঁজি সম্পূৰ্ণ ব্যৱহাৰৰ ক্ষেত্ৰতো সচিবগৰাকীয়ে পঞ্চায়তৰ সদস্য-সদস্যাসকলক অৱজ্ঞা কৰি আহিছে। সচিবগৰাকীয়ে আনকি ত্ৰয়োদশ বিত্তীয় আয়োগৰ অধীনত দিপ্তা গাঁৱৰ “আহেদ আলীৰ ঘৰৰ পৰা হাইদৰ আলীৰ ঘৰলৈকে” পথ নিৰ্মাণ কৰাৰ ক্ষেত্ৰতো চৰকাৰী ধনৰ অপব্যৱহাৰ কৰা বুলি অভিযোগকাৰী সকলে প্ৰকাশ কৰে। টিহু থানাৰ আৰক্ষীয়ে সদস্যসকলৰ এজাহাৰৰ ভিত্তিত টিহু থানাত এক গোচৰ ৰুজু কৰি ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। ইপিনে, আজি বিয়লি টিহু খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত টিহু আৰক্ষী উপস্থিত হৈ বিষয়টোৰ লগত জড়িত বিভিন্ন তথ্য পাতি পৰীক্ষা কৰে। টিহু আৰক্ষীয়ে আনকি সচিব শৰৎ বৰ্মনকো টিহু থানালৈ মাতি নি বিষয়টো সন্দৰ্ভত সোধাপোছা আৰম্ভ কৰা বুলি জানিব পৰা গৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close