শেহতীয়া
Home / অসম / টিহু সাহিত্য সভাৰ গ্ৰন্থ উন্মোচন

টিহু সাহিত্য সভাৰ গ্ৰন্থ উন্মোচন

টিহুৰপৰা পংকজ বেজবৰুৱা,প্ৰথম খবৰ: ‘সাহিত্যই মন সুন্দৰ কৰে। ইয়ে মানুহৰ মন নিকা কৰে। সাহিত্য চৰ্চা কৰিলে ঈশ্বৰ উপাসনা কৰা হয়। আজি পখুৰাত টিহু সাহিত্য সভাৰ উদ্যোগত  লক্ষ্মীপূৰ বীণাপাণি মধ্য ইংৰাজী বিদ্যালয়ৰ কৃৰ্তি  শিক্ষক সমাজ হিতৈষী অৰুণোদয় দত্তৰ প্ৰথম মৃত্যু বাৰ্ষিকী উপলক্ষে প্ৰকাশ কৰি উলিওৱা ‘অৰুণোদয়ৰ আভা’ শীৰ্ষক স্মাৰক গ্ৰন্থ উন্মোচন কৰি এইদৰে কয়  টিহু মহাবিদ্যালযৰ অৱসৰী অধ্যাপক তথা নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কৰুণাকান্ত কলিতাই।

ভাষণ প্ৰসংগত শিক্ষাবিদ গৰাকীয়ে পুনৰ কয় যে জীৱনৰ আন এটি নাম সংগ্ৰাম। গতিকে জীৱনটো সঠিকভাৱে পৰিচালনা কৰিবলৈ সংগ্ৰাম কৰিব লাগে। ভাষণ প্ৰসংগত তেখেতে পুনৰ কয় যে  জীৱনটো পামৰ নিচিনা। গতিকে পাম সদৃশ জীৱনটোত সত্য আৰু শিৱৰ বাবে যুঁজ কৰি সুন্দৰ জীৱন গঢ়িব লাগে। টিহু সাহিত্য সভাৰ সভাপতি তথা সাহিত্যিক পেঞ্চন প্ৰাপক মহেশ চন্দ্ৰ শৰ্মাৰ পৌৰোহিত্যত আৰু টিহু সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই উদ্দেশ্য ব্যাখ্যা কৰা গ্ৰন্থ উন্মোচনী সভাখনত টিহু সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা অৱসৰী শিক্ষা বিষয়া চাণক্য চৰণ কলিতা,সমাজকৰ্মী সদা ভৰালী আৰু উমেশ চন্দ্ৰ দত্তয়ে কৃতী শিক্ষক অৰুণোদয় দত্তৰ জীৱন আৰু কৰ্মৰাজীৰ বিষয়ে ভাষণ আগৱঢ়ায়।

জলখানা-ভঠুৱাখানা হাইস্কুলৰ শিক্ষক কল্যাণ প্ৰসাদ শৰ্মাই আঁত ধৰা সভাখনত বিশিষ্ট ঝুণা নামৰ শিল্পী দিবাকৰ পাঠক,বয়োজ্যষ্ঠ সমাজকৰ্মী থানেশ্বৰ ভৰালী আদিকে ধৰি অঞ্চলটোৰ ভালেসংখ্যক লোকে অংশ লোৱা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোৰ শেষত সমাজ হিতৈষী অৰুণোদয় দত্তৰ বৰপুত্ৰ তথা অধ্যাপক মৃণাল দত্তই শলাগৰ শৰাই আগবঢ়ায়।

Leave a Reply

Your email address will not be published. Required fields are marked *

*