অসম

টীয়ক আৰক্ষী থানাৰ নতুন ভৱনৰ আধাৰশিলা স্থাপন আৰক্ষী সঞ্চালক মুকেশ সাহাইৰ

টীয়কৰ পৰা সমীৰণ বৰঠাকুৰ, প্ৰথম খবৰ :
টীয়ক আৰক্ষী থানাৰ প্ৰাংগনত দেখা গ’ল আজি এক ব্যতিক্ৰমী ৰূপ৷সকলো ব্যস্ত আৰক্ষী সঞ্চালক প্ৰধান মুকেশ সাহাৰ আগমনক লৈ৷ অসম চৰকাৰৰ মৈত্ৰী আঁচনীৰ অধীনত নিৰ্মাণ হ’বলগীয়া আৰক্ষী থানাৰ নতুন গৃহৰ আধাৰশিলা স্থাপন কৰি ভাষণ প্ৰসংগত মুকেশ সাহাই আধুনিক প্ৰশাসনিক ব্যৱস্থাৰ বাবে মূখ্যমন্ত্ৰী আৰু বৃত্তমন্ত্ৰীক প্ৰশংসা কৰে৷ তেঁও কয় যে ভাৰতবৰ্ষৰ কোনো ৰাজ্যতে এনে আঁচনী নাই৷ অত্যাধুনিক কাৰুকাৰ্যৰে নিৰ্মাণ হ’বলগীয়া এই গৃহটিৰ অাধাৰশিলা অনুষ্ঠানত বিশেষভাৱে উপস্থিত থাকে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা,অতিৰিক্ত আৰক্ষী সণ্ঞ্চালক আৰ পি মিনা,আৰক্ষী প্ৰশাসনৰ মহাপৰিদৰ্শক প্ৰদীপ চন্দ্ৰ হালৈ,গৃহ নিৰ্মাণৰ অধ্যক্ষ আৰ এম সিং,যোৰহাট আৰু শিৱসাগৰৰ আৰক্ষী অধিক্ষক দ্বয় আৰু টীয়ক সমষ্টিৰ বিধায়িকা৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close