অসমশীৰ্ষ

টীয়ক এফআৰইউত অঘটন, অক্সিজেনৰ চিলিণ্ডাৰ খুলিব নোৱাৰাত ৰোগীৰ মৃত্যু

টীয়কৰপৰা সমীৰণ বৰঠাকুৰ,প্ৰথম খবৰঃ টীয়ক কলিয়াপাণী উন্নয়ণ খণ্ডৰ কনিষ্ঠ অভিযন্তা চন্দন জ্যোতি বৰুৱাৰ টীয়ক এফআৰইউত চিকিৎসা কৰিবলৈ অনাত চিকিৎসালয়খনত থকা আচবাৱ সমূহ পুৰণি হোৱাত ব্যৱহাৰৰ অনুপযোগী হোৱাত বিনা চিকিৎসাৰে মৃত্যুক আকোৱালি ল’ব লগা হোৱাৰ অভিযোগ উঠিছে। সোমবাৰে নিশা বৰুৱাক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ অনা হৈছিল যদিও জৰুৰীভাৱে তেওঁক অক্সিজেন প্ৰয়োজন হৈছিল যদিও অক্সিজেন চিলিণ্ডাৰৰ অন কৰিব নোৱাৰাৰ ফলত ৰোগীৰ আত্মিয়ই ঘৰৰ পৰা ৰেঞ্চ আনি চিলিণ্ডাৰৰ ৰেগুলেটৰৰ চুইছ অন কৰাৰ চেষ্টা কৰিছিল যদিও ব্যৰ্থ হয়। তদুপৰি ৰোগীগৰাকীক উন্নত চিকিৎসাৰ বাবে যোৰহাটলৈ প্ৰেৰণ কৰাৰ পৰামৰ্শ চিকিৎসকে দিছিল কিন্তু পুৱতি নিশাহে ১০২ সেৱাৰ এম্বুলেঞ্চেৰে যোৰহাটলৈ নিয়া হৈছিল যদিও পথতে তেওঁৰ মৃত্যু হয়। ৰোগীক লৈ চিকিৎসালয়ত চলি থকা এনেবোৰ আচৰণৰ বিৰুদ্ধে একাংশই তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

Related Articles

Close