অসম

টীয়ক এফ আৰ ইউত বিনা চিকিৎসাই ৰোগীয়ে মৃত্যুক সাৱতি লোৱাৰ প্ৰসংগত আছুৰ স্মাৰক পত্ৰ

টীয়কৰপৰা সমীৰণ বৰঠাকুৰ,প্ৰথম খবৰ: চৰকাৰী চিকিৎসালয়ৰ পয়ালগা অৱস্থাৰ বাবে ৰোগীয়ে মৃত্যুক সাৱতি লোৱা ঘটনা কোনো নতুন নহয়৷ কেতিয়াবা যদি চিকিৎসকৰ অভাৱত ৰোগীয়ে মৃত্যুক সাৱতি লয় কেতিয়াবা আকৌ ভূল চিকিৎসাত ৰোগীয়ে মৃত্যুক সাৱতি ল’ব লগা হয় চৰকাৰী হস্পিতেলত৷ এইয়া যেন কোনো নতুন ঘটনা নহয়৷ বিজেপি নেতৃত্বাধীন চৰকাৰে শাসনৰ গাদী লৈ বিকশিত অসমৰ জয়গান গোৱাৰ বিপৰীতে ফোপোলা স্বৰুপটো আকৌ এবাৰ উন্মোচিত হ’ল টীয়কত৷

টীয়কৰ একমাত্ৰ চিকিৎসালয় টীয়ক এফ.আৰ. ইউ.ত যোৱাকালি এজন ৰোগীক জৰুকালীনভাৱে প্ৰয়োজন হৈছিল অক্সিজেন৷।কিন্তু আওপুৰণি সামগ্ৰী যোগানেৰে ৰোগীৰ জীৱনক লৈ হেতালি খেলা স্বাস্থ্য বিভাগটোয়ে যোগান দিয়া অক্সিজেন চিলিণ্ডাৰৰ ৰেগুলেট অন নহ’ল৷ ৰোগীয়ে লাভ নকৰিলে চিকিৎসা৷ সেয়েহে ৰোগীৰ আত্মীয়ই জৰুৰীকালীনভাৱে যোৰহাটলৈ উন্নত চিকিৎসাৰ বাবে যোগাযোগ কৰে ১০২ সেৱাক৷ কিন্তু তাতো অথন্তৰ লাগিল৷ বহু পলমকৈ অৰ্থাৎ পুৱতি নিশাহে ১০২ সেৱা এম্বুলেঞ্চেৰে ৰোগীজনক যোৰহাট লৈ যোৱা হৈছিল যদিও পথতে কৰুণ মৃত্যুক সাৱতি ল’ব লগা হয় ৰোগীজনে৷ চিকিৎসাৰ অভাৱত ৰোগীয়ে মৃত্যুক সাৱতি লোৱা ঘটনাই বৰ্তমান ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে আৰু টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা উপযুক্ত তদন্ত বিচাৰি টীয়ক ৰাজহ চক্ৰ বিষয়াৰ যোগেদি অসমৰ মাননীয় মুখ্যমন্ত্রী, স্বাস্থ্যমন্ত্ৰী, যোৰহাট জিলা উপায়ুক্ত আৰু যুটীয়া স্বাস্থ্য সঞ্চাকালয়লৈ পৃথকভাৱে স্মাৰকপত্ৰ প্ৰেৰণ কৰা হয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close