অসমতিনিচুকীয়াশীৰ্ষ

ডিগবৈত ভয়াবহ অগ্নিকাণ্ডত,কোটি টকাৰ সামগ্ৰী ভষ্মিভুত

ডিগবৈপৰা মনোৰঞ্জন দাস, প্ৰথম খবৰ: তিনিচুকীয়া জিলাৰ ডিগবৈ নগৰৰ প্ৰাণকেন্দ্ৰ স্বৰূপ ডিগবৈ চাৰিআলি বজাৰৰ ছয়খনকৈ দোকান নিশা প্ৰায় তিনি বজাত ভয়াৱহ অগ্নিকাণ্ডত জাহ যায়। ভাৰতীয় তেল নিগম অসম তেল সংমণ্ডলৰ অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নুমোৱাত বজাৰ খনত থকা প্ৰায় ডেৰ শতাধিক দোকান কথমপি ৰক্ষা পৰে। নিশা জুইত জাহ যোৱা দোকানৰ গৰাকী সকল হৈছে – সন্তু পাল,অলক পাল,পৰিমল ধৰ,দিনেশ গুপ্তা,আৰু দিপক ধৰ।বিদ্যুৎৰ বিজুতিৰ বাবে অগ্নিকাণ্ডৰ সংঘটিত হোৱা সন্দেহ কৰা হৈছে ৷ অগ্নিকাণ্ডৰ ফলত ক্ষয় ক্ষতি পৰিমাণ প্ৰায় এক কোটি টকাৰ হোৱা বুলি ধাৰণা কৰা হৈছে।

Related Articles

Leave a Reply

Close