শেহতীয়া
Home / অসম / ডিব্ৰুগড় বিশ্ববিদ্যালয়ত মুখৰিত নাহৰৰ দেশৰ আলি আয়ে লিগাং উৎসৱ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত মুখৰিত নাহৰৰ দেশৰ আলি আয়ে লিগাং উৎসৱ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰপৰা পাপু বৰুৱা,প্ৰথম খবৰ: আজি ফাগুন মাহৰ প্ৰথম বুধবাৰ। অসমৰ দ্বিতীয় বৃহৎ ভৈয়াম জনজাতি মিচিং সকলে কৃষিভিত্তিক জাতীয় উৎসৱ আলি-আইয়ে-লৃগাং সমগ্ৰ অসমতে উলহ-মালহেৰে উদযাপন কৰে।

উত্তৰ-পূৱাঞ্চলৰ উচ্চ শিক্ষাৰ অগ্ৰণী প্ৰতিষ্ঠান ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চৌহদটো পৰম্পৰা ৰক্ষা কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয় মিছিং ছাত্ৰ অধ্যয়ন চক্ৰ ( Dibrugarh University Mishing Students Study Circle) ৰ উদ্যোগতো এই জাতীয় উৎসৱ আলি আয়ে লিগাং ব্যাপক উৎসা‌হ-উদ্দীপনাৰে উদযাপন কৰা হয়। এই বেলি গৌৰৱজ্জ্ৱল ২৫ বৰ্ষত ভৰি দিবলৈ সক্ষম হোৱা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আলি আয়ে লিগাং উৎসৱ আজি পুৱাৰে পৰা দিনযোৰাকৈ অনুষ্ঠিত কৰা হয়।

প্ৰথমে,লিগাংত পৰম্পৰাগত ৰীতি-নীতিৰ মাজেৰে বীজ সিঁচাৰ পৰ্বত চক্ৰৰ সাধাৰণ সম্পাদক মাধুৰ্য মিলি আৰু সভাপতি বলিন দলেৰ পৰিচালনাত আ‌ৰু বিশ্ববিদ্যালয়ত অধ্যয়নৰত কেবাশতাধিক মিছিং শিক্ষাৰ্থীৰ উপস্থিতিত বিশ্ববিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ গৱেষক তথা অধ্যয়ন চক্ৰৰ উপদেষ্টা ভৱ কুমাৰ পেগু এ পৰম্পৰাগত ভাৱে গুটি সিঁচি অনুষ্ঠান শুভাৰম্ভ কৰে। উৎসৱত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক তথা বিশিষ্টা সাহিত্যিক ড০ পল্লৱী ডেকা বুজৰবৰুৱা,প্ৰাণী বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ড০ ডেভিদ কাৰডং আৰু ইতিহাস বিভাগৰ সহযোগী অধ্যাপক ড০ চন্দন কুমাৰ শৰ্মা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। অধ্যাপক ড০ কাৰডঙে কয়, যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অধ্যয়নৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মিছিং শিক্ষাৰ্থী সকলে পঢ়াৰ মাজতে একত্ৰিত হৈ এনেদৰে নিজৰ জাতীয় কৃষ্টি-সংস্কৃতি জীয়াই ৰাখিবলৈ উলহ-মালহেৰে লিগাং উদযাপন কৰাটো অতি গৌৰৱ আৰু আনন্দৰ বিষয়। অহা বৰ্ষত এই অনুষ্ঠান আৰু অধিক ব্যাপক ৰূপত আয়োজনৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো।

ইফালে অনুষ্ঠানত সমূহ মিছিং ছাত্ৰ-ছাত্ৰীয়ে লৃগাং উৎসৱত ছোৱালীবোৰে মোহনীয় প্ৰকৃতিৰ মচাং, এগ, ৰিঃ বি গাচেম, ল’ৰা বোৰে ৰংচঙীয়া মিবু গালুক আদি জাতীয় সাজ পিন্ধি উলাহতে ঐনিতম আৰু ঢোল-তালৰ লহৰত গুমৰাগ নৃত্য পৰিবেশন কৰি উৎসৱ-মোখৰ কৰি তোলে নাহৰৰ দেশ। ইয়াৰ উপৰিও অনুষ্ঠানত আলহী-অতিথিক পুৰাং আপিন অইন (তৰাপাতেৰে চাউলৰ টোপোলা বান্ধি প্ৰস্তুত কৰা বিশেষ ভাত আৰু মাংসৰ চবজি)ৰে আপায়িত কৰে।

মন কৰিবলগীয়া যে, মিচিং ভাষাত “আলি” মানে শস্যৰ বীজ বা‌ কঠীয়া, “আঃয়ে” মানে ফল আৰু “লৃগাং” মানে সিঁচা বা ৰোপন কৰা বুজায়৷ সাধাৰণতে এই উৎসৱত মিচিংসকলে শস্য সিঁচাৰ লগতে ডেকা-গাভৰু, বুঢ়া-বুঢ়ী সকলোৱে সমূহীয়া ভোজভাত খাই নানান নৃত্য-গীত কৰে৷ মিচিংসকলে বিশ্বাস কৰে যে – দেৱতাক নাচ-গানেৰে সন্তুষ্ট নকৰিলে পৃথিৱীত বৰষুণ নহ’ব,তেতিয়া শস্যৰ উৎপাদন নহ’ব৷ সেয়ে তেওঁলোকে নৃত্য-গীতৰ মাজেৰে লখিমীক সন্মান প্ৰদৰ্শন কৰি পথাৰত আহুধানৰ গুটি সিঁচা কাৰ্য শুভাৰম্ভ কৰি মিছিংসকলৰ উপাশ্য দেৱতা বা ঈশ্বৰ দ:ঞি: প:লক প্ৰাৰ্থনা জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *

*