Home / বিনোদন / ডুবাইত জীৱন নাট সামৰিলে শ্ৰীদেৱীয়ে

ডুবাইত জীৱন নাট সামৰিলে শ্ৰীদেৱীয়ে

নিউজ ডেস্ক, প্ৰথম খবৰ: আত্মীয়ৰ বিবাহ অনুষ্ঠানত অংশ লোৱাৰ বাবে ডুবাইত উপস্থিত হৈছিল বলিউডৰ প্ৰথমগৰাকী মহিলা ছুপাৰষ্টাৰ শ্ৰীদেৱী। কিন্তু এই যাত্ৰাই শেষ যাত্ৰা হ’ল কিংবদন্তি অভিনেত্ৰীগৰাকীৰ। হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱাৰ ফলতেই মৃত্যু হয় অভিনেত্ৰীগৰাকীৰ।

মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৪ বছৰ। উল্লেখ্য যে, ভাৰতৰ প্ৰথমগৰাকী মহিলা ছুপাৰষ্টাৰৰূপে খ্যাত শ্ৰীদেৱীয়ে তেওঁৰ অভিনয়ৰ যাত্ৰা আৰম্ভ কৰে ১৯৭৮ চনত ষোলা ছাৱনৰ জৰিয়তে। অৱশ্যে তাৰ ৫ বছৰ পাছত হিম্মতৱালাৰ জৰিয়তে তেওঁ ব্যৱসায়িক সফলতা লাভ কৰে।

হিন্দীৰ লগতে বিভিন্ন ভাষাৰ ছবিত অভিনয় কৰিছে এইগৰাকী মহান শিল্পীয়ে। ২০১৩ চনত তেওঁক পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হয়।

চলচ্চিত্ৰ পৰিচালক বনী কাপুৰৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল তেওঁ আৰু তেওঁলোকৰ আছে দুটি কন্যা সন্তান।

Leave a Reply

Your email address will not be published. Required fields are marked *

*