ৰাষ্ট্ৰীয়

দিল্লীৰ মুখ্যমন্ত্ৰীৰ গৃহত আৰক্ষীৰ অনুসন্ধান

নিউজ ডেস্ক, প্ৰথম খবৰ: দিল্লী চৰকাৰৰ মুখ্য সচিব অংশু প্ৰকাশক মাৰপিট কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ পৰামৰ্শদাতাৰ মন্তব্যৰ পিছত শুক্ৰবাৰে তদন্ত ৰ বাবে মুখ্যমন্ত্ৰীৰ আবাসগৃহত প্ৰবেশ কৰে আৰক্ষী। মুখ্যমন্ত্ৰীৰ আবাসগৃহত সংলগ্ন মুঠ ২১ টা চি চি টিভি কেমেৰা আৰক্ষীয়ে বাজেয়াপ্ত কৰে।
আৰক্ষীৰ ভাষ্য মতে চি চি টিভিৰ সময় ৪০ মিনিট পিছুৱাই থোৱা আছে।
আৰক্ষীয়ে আৰু জনায় যে, যি স্থানত মুখ্য সচিবৰে মাৰপিট হৈছিল সেই স্থানত কোনো কেমেৰা নাছিল।
আৰক্ষীয়ে প্ৰমাণৰ সন্ধানত মুখ্যমন্ত্ৰীৰ বাসগৃহত গৈছিল যদিও মুখ্যমন্ত্ৰীক এই সন্দৰ্ভত কোনো ধৰণৰ সোধ-পোচ কৰা হোৱা নাই। কিন্তু আবাসগৃহৰ কৰ্মচাৰী সকলক আৰক্ষীয়ে সোধ-পোচ অব্যাহত ৰাখে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close