অসম

দুলীয়াজানৰ নগাজান খোৱা-পানী যোগান আঁচনি উদ্বোধন বিধায়ক তেৰছ গোৱালাৰ

প্ৰথম খবৰ,দুলীয়াজান: ডিব্ৰুগড় সংমণ্ডল আৰু নাহৰকটীয়া উপ-সংমণ্ডলৰ সহযোগত আজি বকুলনি পঞ্চায়তৰ অন্তগৰ্ত ১ নং কঠালগুৰী গাঁৱৰ নগাজানত খোৱা-পানী যোগান আঁচনি উদ্বোধন কৰা হয়। ৭৩ লাখ ৬৫ হাজাৰ চৰকাৰী আবন্টিত পুঁজিৰ এই আঁচনি উদ্বোধন কৰে দুলীয়াজান সমষ্টিৰ বিধায়ক তেৰছ গোৱালাই। এই উপলক্ষে অনুষ্ঠিত হয় এখনি ৰাজহুৱা সভা।

উল্লেখ‍্য যে, বিগত ২০১২ চনতে তদানীন্তন কংগ্ৰেছী বিধায়িকাই নগাজান কাটনী অঞ্চল সামৰি এই পানী যোগান আঁচনিৰ আধাৰশিলা স্থাপন কৰিছিল। সদ‍্যহতে বিজেপি চৰকাৰৰ আমোলত কংগ্ৰেছীৰ অসাৰ আঁচনি সম্পূৰ্ণ কাৰ্যক্ষম হৈ উঠিল। নাহৰকটীয়া উপ-সংমণ্ডলৰ অভিযন্তা মুকুল সোণোৱালে আঁত ধৰা সভাখনত উপস্থিত থাকে পানী যোগান আঁচনিৰ ডিব্ৰুগড় সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা ভাস্কৰ শৰ্মা , ভাৰতীয় জনতা পাৰ্টীৰ ডিব্ৰুগড় জিলাৰ সভাপতি ইন্দ্ৰ গগৈ,ভাদৈ জিলা পৰিষদৰ সদস্যা ডেইজীৰাণী ফুকন শ‍্যাম,টেঙাখাট মণ্ডলৰ সভাপতি সূদৰ্শন বসুমতাৰী প্ৰমুখ্যে অন্যান্য বিভাগীয় আৰু দলীয় কৰ্মকৰ্তা সকল।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close