অসম

দুৰ্নীতি নিবাৰক শাখাৰ ভূৱা বিষয়া আটক,ৰাইজৰ গণপ্ৰহাৰ

প্ৰথম খবৰ, ৰঙিয়া: শাসকীয় বিজেপি চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা গ্ৰহণ কৰাৰ সময়তে আজি ৰঙিয়াত আটক হল এজন ভূৱা দুৰ্নীতি নিবাৰক শাখাৰ বিষয়া। ৰঙিয়া ষ্টেডিয়াম কলিৰ ‘ তৃষ্ণা  মিনাৰেল ওৱাটাৰ’ ফেক্টৰী এটাত  দুৰ্নীতি  নিবাৰক শাখাৰ বিষয়া বুলি চিনাকি দি দাবী  কৰা  ধন নিবলৈ  অহাৰ সময়তে ৰাইজে গনপ্ৰহাৰ দি থানাত গতাই  দিয়ে ।  প্ৰাপ্ত তথ্য মতে আজি আবেলি মিনাৰেল ওৱাটাৰৰ ফেক্টৰীত প্ৰবেশ কৰি নিজকে দুৰ্নীতি নিবাৰক শাখাৰ বিষয়া বুলি চিনাকী দি ধনদাবী কৰে । এনেদৰে ধনদাবী দিয়াত তেওঁলোকৰ  ওপৰত  মিনাৰেল ওৱাটাৰৰ স্বত্বাধিকাৰী দীনেশ ডেকাৰ সন্দেহ  হয় । লগে লগে তেওঁ বিষয়টো স্থানীয় ৰাইজৰ লগতে সাংবাদিকক অৱগত কৰে। ৰাইজে তেওঁক প্ৰবঞ্চক বুলি চিনি পোৱাৰ পাছতেই আৱদ্ধ কৰি গণপ্ৰহাৰ সোধায় । কিছু সময়ৰ পিছতেই ঘটনা সন্দৰ্ভত জানিব পাৰি ৰঙিয়া আৰক্ষীৰ দল এটি ঘটনাস্থলীত  উপস্থিত হৈ ব্যক্তিজনক আটক কৰি থানালৈ লৈ আহে।  ৰাইজৰ প্ৰহাৰত লেবেজান হোৱা ধৃত প্ৰবঞ্চক জনক বাইহাটা চাৰিআলীৰ সমীপৰ গোগ গাঁৱৰ ফৰিদ কাজী বুলি চিনাক্ত কৰা হৈছে। ধৃত কাজীয়ে এবছৰ পুৰ্বে ৰঙিয়াৰ সাংবাদিক বুলি পৰিচয় দি ৰঙিয়া শিশু উন্নয়ন প্ৰকল্প বিষয়াক ধনদাবী কৰোতে  হাতে লোটে  ধৰাপৰি জেললৈ যাব লগা হৈছিল । তাৰ উপৰিও বিভিন্ন ৰাইজক চাকৰি দিয়াৰ প্ৰলোভন দি তথা নিজকে আলফা বুলি চিনাকি দি ধন দাবী কৰি আৰক্ষীৰ জালত পৰা কাজীৰ বিৰুদ্ধে গুৱাহাটী আৰু ৰঙিয়া থানাত পূৰ্বৰ পৰা কেইবাটাও অপৰাধজনিত গোচৰ চলি আছে বুলি অভিযোগ উথ্থাপিত হৈছে ।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close