অসম

দেওমৰনৈৰ কৃৰ্তি প্ৰধান শিক্ষয়িত্ৰী হিৰন দেবীক বিদায় সম্বৰ্ধনা

দেওমৰনৈৰপৰা নিৰঞ্জন শইকীয়া,প্ৰথম খবৰ: ছিপাঝাৰ শিক্ষা খণ্ডৰ দেওমৰনৈ মণ্ডল সমল কেন্দ্ৰৰ কুমাৰপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী হিৰন দেবীক আজি ৰাজহুৱাভাৱে সমল কেন্দ্ৰটোৰ পৰা বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে। ১৯৭৬ চনত বড়িগাও প্ৰাক প্ৰাথমিক শাখাত কৰ্ম জীৱন আৰম্ভ কৰাৰ পিছতে ১৯৮২ চনত চাকৰি জীৱনৰ আৰম্ভণি কৰে দেওমৰনৈ প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষয়িত্ৰী হিচাবে।

১৯৮৬ চনৰ পৰা ২০১৮ চনৰ ৩১ জানুৱাৰীলৈ কুমাৰপাৰা প্ৰাথমিক বিদ্যালয়ত শিক্ষকৰ্তা কৰি ৩১ জানুৱাৰীত অৱসৰ গ্ৰহণ কৰাৰ পিছত আজি ছিপাঝাৰ শিক্ষা খণ্ডৰ দেওমৰনৈ মণ্ডল সমল কেন্দ্ৰই আজি ৰাজহুৱাভাৱে বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে। ৰাতিপুৱা দেওমৰনৈ বাসগৃহৰ পৰা আদৰি লৈ দেওমৰনৈ মণ্ডল সমল কেন্দ্ৰৰ কাৰ্যালয়ত সম্বৰ্ধনা জ্ঞাপন কৰি শিক্ষক সকলে তেখেতৰ বাসগৃহলৈ লৈ অনাৰ পিছত বাসগৃহতো তেখেতক দেওমৰনৈ আঞ্চলিক ছাত্ৰ সন্থা আৰু বিভিন্ন অনুষ্ঠান প্রতিষ্ঠান, বিশিষ্ট ব্যক্তিয়ে সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে পৰিয়ালৰ তৰফৰপৰাও সমল কেন্দ্ৰটোৰ শিক্ষক শিক্ষয়িত্ৰী সকলৰ লগতে বিশিষ্ট ব্যক্তি সকলক আদৰনি জনাই।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close