শেহতীয়া
Home / অসম / দেৰগাঁৱত ‘ক্ষৰণ জলসিঞ্চন’ আৰু ‘হালধীয়া আঠা যুক্ত ফান্দ’ ৰ প্ৰণালী প্ৰদৰ্শন

দেৰগাঁৱত ‘ক্ষৰণ জলসিঞ্চন’ আৰু ‘হালধীয়া আঠা যুক্ত ফান্দ’ ৰ প্ৰণালী প্ৰদৰ্শন

দেৰগাঁৱৰ পৰা কংকনজ্যোতি ভূঞা, প্ৰথম খবৰ:
যোৰহাটত অৱস্থিত উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্র কৃষি বিশ্ববিদ্যালয় হিচাপে পৰিচিত অসম কৃষি বিশ্ববিদ্যালয়ে প্ৰতিষ্ঠা কালৰে পৰা ৰাজ্যত কৃষি শিক্ষা , গৱেষণা, কৃষি উন্নয়ন আৰু অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ কৃষি অৰ্থনীতিলৈ বিশিষ্ট বৰঙণি আগবঢ়াই আহিছে। সম্প্ৰতি, অসম কৃষি বিশ্ববিদ্যালয় মাথোন শিক্ষাৰ্থী সমাজৰ মনৰ মাজতে সীমাবদ্ধ নহয় , বৰং বিশ্ববিদ্যালয় হৈ পৰিছে কৃষক , আত্মসহায়ক গোট, বেচৰকাৰী প্ৰতিষ্ঠান , মহিলা সংঘ, চৰকাৰী-বেচৰকাৰী বিদ্যালয়, মহাবিদ্যালয়, গৱেষণা প্ৰতিষ্ঠান আৰু অন্যান্য চৰকাৰী বিভাগ আদিৰ লগত সংঘবদ্ধভাৱে সামাজিক উত্তৰণৰ দিশত অবিৰত গতিৰে কাৰ্যপন্থা হাতত লোৱা এক জনমুখী বিশ্ববিদ্যালয়। অধিক বাস্তৱসন্মত শিক্ষা প্ৰদান কৰাৰ উদ্দেশ্যে ছাত্র-ছাত্রীসকলক গ্ৰাম্য পৰিৱেশত অভ্যস্ত হ’ব পৰাকৈ বিশ্ববিদ্যালয়ে ১৯৯৪ চনৰে পৰা ৰূপায়ণ কৰি অহা ‘গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনি’ ৰ অধীনত এইবছৰো বিশ্বদ্যালয়ৰ অন্তৰ্গত যোৰহাটস্থিত কৃষি মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে যোৱা ১১ তাৰিখে দেৰগাঁৱৰ হাবিয়াল গাঁৱৰ কৃষকসকলৰ আগত ক্ষৰণ জলসিঞ্চন আৰু হালধীয়া আঠাযুক্ত ফান্দৰ প্ৰণালী প্ৰদৰ্শন কৰে শিক্ষাৰ্থীক্ৰমে নীশীগন্ধা কাকতি আৰু বিদিশা বুঢ়াগোঁহাইয়ে অনুষ্ঠানটোৰ আঁতধৰি কৃষকসকলৰ আগত ক্ষৰণ ব্যৱস্থাৰে কিদৰে কম পানীক খেতিপথাৰত ব্যৱহাৰ কৰি উপকৃত হ’ব পাৰে তাৰ সহজলভ্য তথা বৈজ্ঞানিক আলোচনা আগবঢ়ায়। পৰৱৰ্তী সময়ত ছাত্রী অনিন্দিতা দেৱী, অৰ্পিতা দাস, সুপ্ৰিয়া ৰাজখোৱা , অনামিকা চন্দ্ৰা আৰু আৰনজা মমিনে হালধীয়া আঠাযুক্ত ফান্দৰ প্ৰণালী প্ৰদৰ্শনেৰে ইয়াৰ ব্যৱহাৰ, উপকাৰিতা সন্দৰ্ভত কৃষক ৰাইজৰ লগত ভাব বিনিময় কৰে | লগতে শিক্ষাৰ্থীদলে বাঢ়ি অহা ক্ষুদ্ৰ চাহৰ বাগিচাবোৰত এই ফান্দৰ ব্যৱহাৰ কৰি কিদৰে ৰাসায়নিক কীটনাশকবোৰৰ পৰা হাত সাৰি লাভাম্বিত হব পাৰো আৰু ‘ Farming is Nothing But Economics’ বাক্যষাৰি সাৰোগত কৰি কৃষক ৰাইজে নিজৰ অলপীয়া মূলধন তথা সম্পদেৰে কিদৰে সাফল্যৰ শিখৰ অতিক্ৰম কৰিব পাৰে তাৰ ওপৰতো বিস্তৃত ব্যাখ্যা আগবঢ়ায়। অনুষ্ঠানটোত প্ৰায় তিনিকুৰি কৃষকে অংশগ্ৰহণ কৰি ছাত্র-ছাত্রী সকলৰ জড়িয়তে বিশেষভাৱে উপকৃত হোৱা বুলি মন্তব্য কৰি ছাত্র-ছাত্রী সকলক অশেষ ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰে |

Leave a Reply

Your email address will not be published. Required fields are marked *

*