অসমনলবাৰীশীৰ্ষ

নলবাৰীত ডকাইতি

নলবাৰীৰপৰা সুভাষ ডেকা,প্ৰথম খবৰ: অপৰাধৰ ৰম্য ভূমিত পৰিণত হৈছে নলবাৰী৷ চুৰি-ডকাইতিৰে আৰক্ষীক চেলেঞ্জ দূৰ্বৃত্তৰ৷ মঙ্গলবাৰে দিন-দুপৰতে টকাৰ বেগ কাঢ়িবলৈ গৈ দূৰ্বৃত্তৰ চুৰিঘাত৷ দূৰ্বৃত্তৰ আক্ৰমণৰ বলি হৈ চিকিৎসালয়ৰ বিচনাত আহত যুৱক৷ ঘটনাক লৈ তীব্ৰ চাঞ্চল্য সমগ্ৰ নলবাৰীত৷ মঙ্গলবাৰে নলবাৰীৰ মধুপুৰত দিন-দুপৰতে দূৰ্বৃত্তৰ আক্ৰমণ৷ “স্যাটিন ক্ৰেডিটকেয়াৰ নেটৱৰ্ক লিমিটেড” নামৰ মাইক্ৰো ফাইঞ্চেচৰ এইগৰাকী সঞ্জীৱ কলিতা নামৰ কৰ্মচাৰীজনে মধুপুৰ অঞ্চলত কালেকচন কৰি আহি থাকোতে বাইকত অহা দুই দূৰ্বৃত্তই টকাৰ বেগটো কাঢ়ি নিব খোজে৷ কিন্তু দূৰ্বৃত্তক টকাৰ বেগটো দিবলৈ অমান্তি হোৱাত দূৰ্বৃত্তই চুৰিৰে উপৰ্যুপৰি আক্ৰমণ কৰে৷ তথাপি কিন্তু যুৱকজনে টকাৰ বেগটো দূৰ্বৃত্তৰ কবলৰ পৰা কোনোমতে ৰক্ষা কৰে৷

আনহাতে,দিন-দুপৰতে পথৰ ওপৰতে কালেক্টৰৰ জনক আক্ৰমণ কৰা দেখি স্থানীয় লোক উপস্থিত হয় ঘটনাস্থলীত৷ আৰু ইয়াৰে সুযোগ বুজি পলায়ণ কৰে বাইকত অহা দুই দূৰ্বৃত্তই৷ ইপিনে,দূৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰ ভাৱে আহত হোৱা কালেক্টৰ যুৱকজনক স্থানীয় লোকে নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায়৷ দিন দুপৰতে পথৰ ওপৰত দূৰ্বৃত্তৰ আক্ৰমণ বলি হৈ চিকিৎসাধীন হ’বলগীয়া হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ আনহাতে,স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰা আৰু যুৱকজনৰ তৎপৰতাৰ বাবে টকাৰ বেগটো দূৰ্বৃত্তই নিব নোৱাৰিলে৷

জানিব পৰা মতে বেগটোত কালেকচনৰ ৪০ হাজাৰৰো অধিক টকা আছিল৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close