অসমনলবাৰী

নলবাৰীত দুখনকৈ বিদ্যালয়ত ৰাইজে লগালে তলা, প্ৰতিক্ৰিয়া অব্যাহতঃ শিক্ষামন্ত্ৰীক হস্তক্ষেপৰ দাবী

প্ৰথম খবৰ,নলবাৰীঃ নলবাৰীৰ দক্ষিণ প্ৰান্তৰ মায়াপুৰ স্থিত দুখন বিদ্যালয়ৰ অৰাজক অৱস্থাৰ বাবে বৃহস্পতিবাৰে স্থানীয় ৰাইজে মূল গেটত তলা লগাই দি ক্ষোভ উজৰা ঘটনাৰ প্ৰতিক্ৰিয়া বৰ্তমানেও অব্যাহত আছে।

জানিব পৰা মতে, মাধাপুৰ এম চি মিলন হাইস্কুল আৰু এম চি মিলন এম ই মাদ্ৰাছা নামৰ শিক্ষানুষ্ঠান দুখনৰ শিক্ষক শিক্ষয়িত্ৰী সকলে নিজৰ দায়িত্বত অৱহেলা কৰাৰ ৰাজহুৱা অভিযোগ উঠিছে। শিক্ষানুষ্ঠান দুখনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে নিজৰ বিদ্যালয়ত সন্তানক নামভৰ্তি নকৰি ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত নামভৰ্তি কৰাইছে। অভিযোগ অনুসৰি বিদ্যালয় দুখনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে পূৱা দৈনিক নিজৰ সন্তানক তেওঁলোকৰ বিদ্যালয়ত থব যায়। যাৰ বাবে দৈনিক নিজৰ বিদ্যালয়ত সময়মতে উপস্থিত নাথাকে। এয়াই নহয় বিদ্যালয় দুখনৰ প্ৰধান শিক্ষক দুগৰাকীৰ প্ৰশাসনিক শিথিলতাৰ সুযোগ লৈ এইদৰে দীৰ্ঘদিন শিক্ষা দানৰ নামত বিদ্যালয় দুখনৰ শিক্ষক-শিক্ষয়িত্ৰী সকলে ভেকোঁভাওনা পতাৰো অভিযোগ উঠিছে। সম্প্ৰতি স্থানীয় ৰাইজে বিদ্যালয় দুখনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ এনে দায়িত্বজ্ঞানহীন কৰ্ম কাণ্ডৰ ক্ষেত্ৰত ৰাজ্যৰ শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, স্থানীয় বিধায়ক অশোক কুমাৰ শৰ্মা, নলবাৰীৰ উপায়ুক্ত সঞ্জীৱ কুমাৰ দাসক বিহিত ব্যৱস্থা ল’বলৈ আহ্বান জনাইছে।

Related Articles

Leave a Reply

Close