অসমনলবাৰী

নলবাৰীত শিক্ষাবিদ ভূৱনেশ্বৰ শৰ্মাৰ ওপজা দিন উদযাপন-অভিনন্দন গ্ৰন্থ উন্মোচন

প্ৰথম খবৰ,নলবাৰী: আজি নলবাৰী জিলাৰ বুদ্ৰুকুছিৰ বেলশৰীয়াপাৰাত দক্ষিণ নলবাৰী সাহিত্য সভাৰ উদ্যোগত বিশিষ্ট শিক্ষাবিদ ভূৱনেশ্বৰ শৰ্মাৰ ৮২ সংখ্যক ওপজা দিন উদযাপন কৰাৰ লগতে সম্বৰ্ধনা আৰু অভিনন্দন গ্ৰন্থ উন্মোচনী অনুষ্ঠানখন হৈ যায়। শিক্ষাবিদ, সাহিত্যিক হেমন্ত কুমাৰ দত্তৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অনুষ্ঠানৰ আতঁ ধৰে সাংবাদিক, দক্ষিণ নলবাৰী সাহিত্য সভাৰ সম্পাদক শংকৰ শৰ্মাই। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে শিক্ষাবিদ ৰমানাথ বৰুৱা, নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ডাঃ বিপিন চন্দ্ৰ কলিতাই ভাষন ৰখাৰ লগতে উদযাপন সমিতিৰ সভাপতি নৰেন শৰ্মা, কাৰ্যকৰী সভাপতি প্ৰফুল্ল শৰ্মা, সম্পাদক দিলীপ শৰ্মাইও ভাষণ ৰাখে। অনুষ্ঠানত অভিনন্দন গ্ৰন্থ খন উন্মোচন কৰে বিশিষ্ট সাহিত্যিক -সমালোচক ডঃ বসন্ত কুমাৰ ভট্টাচাৰ্যই। উন্মোচনী ভাষণত ডঃ ভট্টাচাৰ্যই কয় যে এনে এখন গ্ৰন্থ অঞ্চলটোৰ সম্পদ। কিয়নো প্ৰতিভাবান লোকৰ অভিনন্দন গ্ৰন্থ এখনে বহুত ভাল দিশ দাঙি ধৰে। শিক্ষাবিদ ভূৱনেশ্বৰ শৰ্মা এগৰাকী সমাজৰ দায়িত্বশীল শিক্ষক হিচাপে পৰিচিত। যি গৰাকীৰ ব্যক্তিত্ব আছিল অসাধাৰণ। উক্ত অনুষ্ঠানতে শিক্ষাবিদ ভূৱনেশ্বৰ শৰ্মাক দক্ষিণ নলবাৰী সাহিত্য সভা, দক্ষিণ নলবাৰী প্ৰেছ ক্লাৱ, বুদ্ৰুকুছি সেৱা আশ্ৰম, মহাবিষ্ণু যজ্ঞ পৰিচালনা সমিতি সহ বিশ তাতকৈও অধিক অনুষ্ঠানে সম্বৰ্ধনা জ্ঞাপন কৰে।

Related Articles

Leave a Reply

Close