অসম

নলবাৰীৰ কৈৰাৰাত শ্ৰী শ্ৰী চণ্ডী যজ্ঞৰ আয়োজন

প্ৰথম খবৰ,নলবাৰীঃ বিশ্ব শান্তি আৰু মানৱ কল্যাণাৰ্থে  নলবাৰী জিলাৰ কৈৰাৰাত অহা ২২,২৩ আৰু ২৪ ফেব্ৰুৱাৰীত  তিনিদিনীয়া কাৰ্য্যসূচীৰে বিংশতিতম্ বাৰ্ষিক সাৰ্ব্বজনীন শ্ৰী শ্ৰী চণ্ডী যজ্ঞৰ আয়োজন কৰা হৈছে। কাৰ্য্যসূচী অনুসৰি ২২ ফেব্ৰুৱাৰীৰ পুৱা ৮ বজাত সমূহীয়া চাফাই, ৯বজাত পতাকা উত্তোলন,আবেলি ৪ বজাত মন্দিৰৰ ভূমি দাতা ৰমেশ কলিতাৰ প্ৰতিকূতিত মাল্যাৰ্পণ আৰু স্মূতি তৰ্পন, ৪বজাত ধৰ্মধ্বজা উওোলন, সন্ধিয়া ৬ বজাত যজ্ঞ উদ্বোধন কৰিব বিধায়ক অশোক শৰ্মাই, বন্তি প্ৰজ্বলন কৰিব প্ৰণিতা ৰেষ্টুৰেন্টৰ স্বত্বাধিকাৰী নূপেন দাসে, ৭-৩০বজাত যজ্ঞৰ অধিৱাস আৰু বেদী উন্মোচন, ২৩ ফেব্ৰুৱাৰীৰ পুৱা ৭ বজাত সমূহীয়া চাফাই, ৮বজাত মঈলাচৰণম, ৮-৩০বজাত আদ্ভ্যুদ্বয়িক শ্ৰাদ্ধ, ১০বজাত পানী তোলন, অগ্নি আহোৰণ আৰু যজ্ঞাৰম্ভ, দিনৰ ১২ বজাত আহুতি প্ৰদান, আবেলি ১বজাত নিৰ্মালী প্ৰদান ও প্ৰসাদ বিতৰণ, সন্ধিয়া ৬ বজাত আৰতি প্ৰদান, ৭বজাত নাগাৰাৰ নাম পৰিবেশন, ২৪ ফেব্ৰুৱাৰীৰ পুৱা ৭ বজাত সমূহীয়া চাফাই, ৮ বজাত মঈলাচৰণম, ৮-৩০ বজাত বেদ পাঠ, ৯ বজাত আহুতি প্ৰদান, ১০বজাত ক্ষেত্ৰপাল পূজা, দিনৰ ১ বজাত পূৰ্ণাহুতি, মহাশান্তি আৰু প্ৰসাদ বিতৰণ, ১-৩০ বজাত ভোগ বিতৰণ আৰু আবেলি ৩-৩০ বজাত সত্যনাৰায়ণ পূজাৰে যজ্ঞৰ সামৰণি পৰিব। ইতিমধ্যে বীৰেন্দ্ৰ কুমাৰ ভট্ৰাচাৰ্য্যক সভাপতি, প্ৰবীন কলিতাক কাৰ্য্যকাৰী সভাপতি আৰু সুৰেশ গোস্বামীক সম্পাদক হিচাপে লৈ  কৈৰাৰাৰ বিংশতিতম বাৰ্ষিক শ্ৰী শ্ৰী চণ্ডী যজ্ঞ উদযাপন সমিতিখন গঠন কৰা হৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close