শেহতীয়া
Home / অসম / নলবাৰীৰ ৰাজপথত জিলা বিজেপিৰ সভাপতিৰ গুণ্ডাগিৰি:শিক্ষিত মহিলাক দুৰ্ব্যৱহাৰ বাবে এজাহাৰ দাখিল

নলবাৰীৰ ৰাজপথত জিলা বিজেপিৰ সভাপতিৰ গুণ্ডাগিৰি:শিক্ষিত মহিলাক দুৰ্ব্যৱহাৰ বাবে এজাহাৰ দাখিল

প্ৰথম খবৰ,নলবাৰী:নলবাৰীত জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকাই ৰাজপথত মহিলাক অশালীন গালি গালাজ কৰাৰ লগতে মোবামো ভাঙি পেলোৱা ঘটনাই নলবাৰী চহৰত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ প্ৰাপ্ত অভিযোগ মতে চহৰখনৰ শিক্ষিত মহিলা পুস্পাঞ্জলী বৰ্মন দাসে তেওঁৰ এএছ ০১বিওৱাই ০৮২৭ নম্বৰৰ চহৰখনৰ সত্ৰস্থিত শিৱ মন্দিৰত পূজা অৰ্চনা কৰি হাজো গড়কাপ্তানি পথেৰে চাৰিচকীয়া গাড়ীৰে আহি থকা অৱস্থাত নলবাৰী জিলা বিজেপিৰ সভাপতি বনদীপ ডেকা আৰু তেখেতৰ পত্নী উঠি অহা বলেৰো গাড়ীখনে পিচফালৰ পৰা খুন্দিয়ায়৷ পুস্পাঞ্জলী বৰ্মন দাসৰ গাড়ীত খুন্দিয়াই স্বয়ং বিজেপিৰ জিলা সভাপতি গৰাকীয়ে নিজৰ দোষ লুকুৱাবলৈ শিক্ষিত মহিলি গৰাকীৰ লগত কাজিয়াত লিপ্ত হয় আৰু বিভিন্ন ধৰনৰ অশ্লীল গালি গালাজ পাৰে শিক্ষিত মহিলা গৰাকীক উদ্দেশ্য কৰি৷ আনকি জিলা সভাপতি বনদ্বীপ ডেকাই শিক্ষিত মহিলা পুস্পাঞ্জলী বৰ্মন দাসৰ হাতত থকা মোৱাইল ফোনটো কাঢ়ি আনি ভাঙি পেলায়৷ তাৰ পিছতে বিজেপিৰ জিলা সভাপতি বনদ্বীপ ডেকাই নিজৰ পত্নীৰ সৈতে ঘটনা স্থলীৰ কৰা কৌশলৰে পলায়ন কৰে। ইফালে শিক্ষিত মহিলা গৰাকীয়ে তেখেতৰ গাড়ীত থকা কন্যা সন্তান দুজনীকো জিলা সভাপতি গৰাকীয়ে দুৰ্ব্যৱহাৰ কৰা বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে৷

নলবাৰী থানাত ভূক্তভোগী পুস্পাঞ্জলী বৰ্মন দাসে বিজেপিৰ জিলা সভাপতি বনদ্বীপ ডেকাৰ গুণ্ডাগিৰি সন্দৰ্ভত নলবাৰী সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছে৷ বিজেপিৰ জিলা সভাপতিয়ে ৰাজপথত এগৰাকী শিক্ষিত মহিলাক দুৰ্ব্যৱহাৰ কৰা ঘটনাটো সৰ্বত্ৰে চৰ্চা লাভ কৰিছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

*