অসম

নলবাৰী উন্নয়নৰ বাবে ১২ কোটি ৫৬ লাখ টকা মুকলি চৰকাৰৰ

প্ৰথম খবৰ,নলবাৰী: নলবাৰীৰ ক্ৰীড়ানুৰাগী ৰাইজৰ আশাক বাস্তৱ ৰূপ দি নৰ্থ কামৰূপ ষ্টেডিয়ামক পূৰ্ণাংগ ইন্দোৰ ষ্টেডিয়াম হিচাপে নিৰ্মাণ কৰিবলৈ ৫কোটি ১৬ লাখ টকা মুকলি কৰি দি ৰাজ্যৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, বিত্ত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, উদ্যোগ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী আৰু ক্ৰীড়া মন্ত্ৰী নৱ দলৈ যি পদক্ষেপ লৈছে নলবাৰীৰ ৰাইজৰ হৈ বিধায়ক অশোক কুমাৰ শৰ্মাই উষ্ম আদৰণি জনাই । আজি নলবাৰী জিলা বিজেপি কাৰ্যালয়ত এক সংবাদমেলত বিধায়ক শৰ্মাই এই কথা প্ৰকাশ কৰে। বিধায়ক গৰাকীয়ে কয় যে দীৰ্ঘদিনীয়া অভাৱ এটা পূৰণ হব নলবাৰীৰ ৰাইজৰ । আনহাতে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে নলবাৰীৰ চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভগ্ন প্ৰায় গৃহ নতুকৈ নিৰ্মান কৰাৰ বাবে ৫ কোটি ৮৪ লাখ টকা মুকলি কৰি দিয়া কাৰ্যক প্ৰশংসনীয় বুলি ব্যক্ত কৰে বিধায়ক শৰ্মাই । এই ক্ষেত্ৰত শিক্ষা মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰি ৰাজ্য চৰকাৰ খনৰ ইতিবাচক ভূমিকাই নলবাৰী সমষ্টিটোক উন্নয়নৰ দিশত আৰু অধিক অগ্ৰগামী কৰিব বুলিও আশা প্ৰকাশ কৰে । তদুপৰি ৰাজ্যৰ বিত্ত বিভাগে নলবাৰী নাট্য মন্দিৰৰ বাবে ২৫ লাখ টকা আৰু দেৱীৰাম পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গৃহ নিৰ্মাণৰ বাবে ১ কোটি ৩১ লাখ টকা মুকলি কৰি দিয়া কাৰ্যক শলাগ লৈছে বিধায়ক শৰ্মাই আৰু নলবাৰী জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকাই । লগতে আগন্তুক সময়ত সংশ্লিষ্ট সকলো পক্ষৰ পৰা সহযোগ কামনা কৰে সংবাদ মেলত ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close