অসম

নলবাৰী জিলা সাহিত্য সভাৰ পূৰ্ণাংগ সমিতি গঠন

প্ৰথম খবৰ , নলবাৰী: নলবাৰী জিলা সাহিত্য সভাৰ পূৰ্ণাংগ সমিতিখন আজি সৰ্বসন্মতিক্ৰমে গৃহীত হয়।জিলা সাহিত্য সভাৰ কাৰ্যালয় ‘সুভদ্ৰা চৌধুৰী ভৱন’ত জিলা সাহিত্য সভাৰ নৱ নিৰ্বাচিত সভাপতি ডাঃ বিপিন চন্দ্ৰ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিষয়ববীয়াসকলৰ নাম পাঠ কৰি দিয়া হয়।নৱ নিৰ্বাচিত সম্পাদক অতুল শৰ্মাই পাঠ কৰা ২০১৮-২০বৰ্ষৰ নতুন পূৰ্ণাংগ সমিতিখন এনেধৰণৰ-ভাৰত ৰাজবংশী, পংকজ বেজবৰুৱা, প্ৰদীপ বৰ্মন সহকাৰী সম্পাদক,সাংবাদিক শ্বাহ আলম আহমেদ পত্ৰিকা সম্পাক,প্ৰাক্তন ছাত্ৰনেতা অমিয় বৰ্মন প্ৰকাশন সচিব,খনীন্দ্ৰ চন্দ্ৰ নাথ কোষাধ্যক্ষ,’ৰামধেনু’ৰ আহ্বায়ক ভুবনেশ্বৰ বৈশ্য,’ আকাশ’ৰ আহ্বায়িক কবিতা ডেকা তালুকদাৰ,’কুঁহি’ৰ আহ্বায়িকা বৰ্ণালী শৰ্মা গৌড়, আৰু ‘যুৱ সংসদ’ৰ আহ্বায়ক ড°সুশান্ত কুমাৰ কাশ্যপ ।তদুপৰি নলবাৰী জিলা সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য ,মনোনীত সদস্য আৰু আমন্ত্ৰিত সদস্যসকলকো নিৰ্বাচন কৰা হৈছে।সভাত অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য গোবিন্দ কলিতা আৰু জিলা সভাৰ উপ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাও উপস্থিত থাকে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close