Home / অসম / নাগিনীমৰাত দুজনৰ মনোনয়ন দাখিল

নাগিনীমৰাত দুজনৰ মনোনয়ন দাখিল

শিমলুগুৰিৰপৰা নেকিবুল হক,প্ৰথম খবৰ: নাগালেণ্ডৰ মন জিলাত আজি অন্তিম দিনত বিধান সভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিল কৰে। ৪২ নং ৱাকচিং বিধান সভা সমষ্টিৰ বাবে এম চি কন্যাক আৰু ৱাই এম ইৱল কন্যাকে মনোনয়ন দাখিল কৰে। আজি নাগিনীমৰাস্থিত অতিৰিক্ত উপায়ুক্তৰ কাৰ্য্যালয়ত নেচনেল ডেমক্ৰেটিক প্ৰগেছিভ পাৰ্টি তথা ভাৰতীয় জনতা পাৰ্টীৰ সমৰ্থিত প্ৰাৰ্থী এম চি কন্যাক আৰু নাগালেণ্ড পিপলছ ফ্ৰণ্টৰ প্ৰাৰ্থী এম ৱাই ঈৱল’ কন্যাকে মনোনয়ন দাখিল কৰে। বৰ্তমানৰ বিধায়ক ঈৱল কন্যাকৰ বিপৰীতে পূৰ্বৰ তিনি বাৰকৈ নিৰ্বাচিত হোৱা এম চি কন্যাকে বহু সমৰ্থক সহ মনোনয়ন দাখিল কৰছ যদিও ভাৰতীয় জনতা পাৰ্টীৰ সমৰ্থিত প্ৰাৰ্থী জনৰ ষথ প্ৰশস্ত বুলি ৰাইজে দাবী কৰে। ১৪২০০ ভোটাৰ থকা ৱাকচিং সমষ্টিত বিগত ৫ বছৰে উন্নয়ন শূন্য বুলিও ইয়াৰ নগা লোক সকলে জানিবলৈ দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*