অসম

নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে নলবাৰীত অগপৰ নাগৰিক সভা 

প্ৰথম খবৰ ,নলবাৰী: চৰকাৰত থাকি দুটা মন্ত্ৰী পোৱাটো ডাঙৰ কথা নহয়,অসমীয়াৰ স্বভিমানক গুৰুত্ব দিয়াটো অসম গণ পৰিষদৰ প্ৰধান দায়িত্ব আৰু লক্ষ্য ৷ নাগৰিকত্ব সংশোধনী আইন বিজেপিয়ে সংসদত গৃহীত কৰিলে অসম মন্ত্ৰী সভাৰ পৰা অগপই আঁতৰি আহিব৷ এয়া অগপৰ এক সুস্থিৰ তথা সৰ্বসন্মত সিদ্ধান্ত৷ এই দাবী অগপৰ শীৰ্ষ নেতা তথা প্ৰাক্তন সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ৷ আজি নলবাৰী আইন মহাবিদ্যালয়ত নলবাৰী জিলা অগপৰ উদ্যোগত অনুষ্ঠিত এক নাগৰিক সভাত বিভিন্ন দল-সংগঠনৰে মত বিনিময় কৰি অগপৰ জ্যেষ্ঠ নেতাজনে লক্ষণীয় ভাৱে অগপৰ সকলো নেতা-কৰ্মী বিষয়টোত একলগ হৈ থকা বুলিও মন্তব্য কৰে৷ উক্ত নাগৰিক সভাত নাগৰিকত্ব সংশোধনী আইনৰ ওপৰত বিৰোধিতা কৰি কেবাটাও প্ৰস্তাব  গ্ৰহণ কৰে৷ শংকৰ-আজানৰ দেশত ধৰ্মৰ ভিত্তিত ৰাষ্ট্ৰই জাপি দিব বিছৰা কোনো আইন নলবাৰীৰ দল-সংগঠনে মানি নলয় বুলিও বিজেপিক সকীয়াই দিয়ে নাগৰিক সভাই৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close