কবিতা

নাঙঠ বুকুৰ ৰঙা কেকটাছ

পুনম পেনিলোপ নাথ:

তোৰ বুকুত..
ইমান তেজ ক’ৰ পৰা লাগিল ঐ কাইপং …

সাৰে ৰ’লো গোটেই কেইটি প্ৰহৰ
তোৰ নিথৰ দেহটোত সাৱটি..
হাতনি পেৰাত তোলৈ সাঁচি সাঁচি অনা
সুখৰ সুৰবোৰেৰে
তই পানচনা গালি…
লগত বিষাদ বাঁহীৰ সুৰ..
চেগুন পাতৰ আঁৰে আঁৰে
লুকাভাকু খেলি খেলি
পাপৰ পখীটিয়ে হাঁহি হাঁহি গুচি গ’ল
তই পিছে নুশুনিলি..
বুকুত তোৰ আজিকালি
কেকটাছ ফুলিছে অ’ আইজনী..
সেই কাঁইটে মোক
বৰকৈ খুচিলে অ’ বুকুত…
নজনাকৈয়ে মোৰ তেজ তই বোৱালি..
ৰঙা চাগে সেইবাবেই দেখিলি..
মোৰ চকুৰ পচাৰতে
তই মৰুভূমি হৈ গ’লি ..
বোৱতি নৈ গুচি
মৰাসূঁতি হ’লি তই
বৰ একাচিয়া হ’ল অ’সোণজনী ..
বৰ একাচিয়া হ’লি
মই যাওঁগৈ দে..

বুলি গুছি গ’ল কাইপং
পদুলিৰ জপনা মাৰি

বিকট ভাবেৰে চিঞৰা মইজনী
আৰু নকবি ঐ
আৰু নকবি
নিশাটিত মোক ওভতাই নে!
কেকটাছৰ কাঁইটত লাগি থকা
তেজৰ গোন্ধই মোক বৰ আমনি দিছে
সেইবোৰেই মোক এলাগী কৰিছে ঐ
বৰ এলাগী কৰিছে..
আহ না
কেকটাছবোৰ নোহোৱা কৰিম..

ভৰিৰ খোজৰ চিন এৰি..
গুচি গ’ল সি..
বুকুৰ গীত নুশুনি…
পানচনা নুশুনি
কাইপং গুচি গ’ল
মৃত্যুৰ গীত নুশুনি…

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close