অসমনলবাৰী

নিজ পত্নীক এচিড ঢালি হত্যাৰ চেষ্টা লম্পট স্বামীৰ

চেঙাৰপৰা মইদুল ইছলাম,প্ৰথম খবৰঃ নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ ৰামপুৰত পত্নীক এচিড ঢালি হত্যা কৰিবলৈ চেষ্টা কৰা ঘটনাই সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিজৰ পত্নীক এচিড ঢালি হত্যা কৰিবলৈ বিচৰা এইজন লম্পট স্বামী হৈছে বৰক্ষেত্ৰীৰ ১ নং লাৰকুছিৰ ছাহজাহান আলীৰ পুত্ৰ বাতচু আলী(৩২) । বাতচু আলীয়ে যোৱা ২০ ফেব্ৰুৱাৰীত ৰামপুৰত থকা ভাৰাঘৰত নিজ পত্নী তথা দুটি সন্তানৰ মাতৃগৰাকীক মাৰপিট কৰাৰ উপৰিও এচিড ঢালি হত্যা কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপিত হৈছে। নিজৰ পত্নীয়ে এই অভিযোগ তুলি দৌলাশাল আৰক্ষী চকীত স্বামী বাতচু আলীৰ বিৰুদ্ধে বৃহস্পতিবাৰে আবেলি এজাহাৰ দাখিল কৰে। বাতচু আলীয়ে পত্নীক মাৰপিট কৰি এচিড ঢালিয়ে ক্ষান্ত নাথাকি ডিঙি চেপি হত্যাৰ চেষ্টাও কৰিছিল বুলিও জানিব পৰা গৈছে। লম্পট স্বামীয়ে ডিঙি চেপি হত্যা কৰিবলৈ চেষ্টা কৰাৰ সময়তে ওচৰত থকা ভাৰাতীয়াই পত্নীগৰাকীক বাতচু আলীৰ কবলৰ পৰা কোনোমতে ৰক্ষা কৰে। পিছত বাতচু আলীয়ে পত্নীক দুগৰাকী কন্যা সন্তানসহ ঘৰৰ পৰা উলিয়াই দিয়ে। অভিযুক্ত বাতচু আলীয়ে পত্নীক দীৰ্ঘদিন ধৰি শাৰিৰীক-মানসিক নিৰ্যাতন কৰি আহিছিল বুলিও অভিযোগ উঠিছে। বৰ্তমান বাতচুৰ পত্নীয়ে সন্তানসহ চেঙাৰ ৰৌমাৰী পাথাৰত থকা মাতৃগৃহত থাকিবলৈ লৈছে। সম্প্ৰতি নিৰাপত্তা হীনতাত ভোগা এইগৰাকী মহিলাক বিয়াৰ পিছৰ পৰাই স্বামী বাতচু আলীয়ে যৌতুক দাবী কৰি প্ৰায়েই মাৰধৰ কৰা বুলিও অভিযোগ উঠিছে।গাড়ী চলাই জীৱন নিৰ্বাহ কৰা বাতচু আলীৰ ঘৰ বৰক্ষেত্ৰীৰ ১নং লাৰকুছিত যদিও পত্নী-সন্তানসহ ৰামপুৰত ভাৰাঘৰত থাকিবলৈ লৈছিল। মুকালমুৱা থানাত ৫৮/১৮ নম্বৰত গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰা বুলি জানিব পৰা গৈছে। বৰ্তমানলৈ অভিযুক্ত বাতচু আলীক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই।

Related Articles

Leave a Reply

Close