
যি বাটেৰে আহিছা সেই বাটেৰে উভতি যাবা?
কাজল প্ৰিয়া
(শ্ৰদ্ধাৰ বৰেণ্য শিল্পীযুগল নীলপৱন বৰুৱা ছাৰ আৰু দীপালী বৰঠাকুৰ বাইদেউৰ সৈতে এটি জীপাল আবেলি)
সম্ভ্ৰান্ত অঞ্চলটোৰ সকলোবিলাক আবাসেই কংক্ৰিটৰ অট্টালিকা। তাৰ মাজতে ঘৰ ঘৰ যেন লগা ঘৰ এটা। ঘৰ নহয়, ঠিক যেন এখনি আশ্ৰম! দীঘলীয়া পদূলিটোৱে হাত বাউলি মাতে বাটৰুৱাক, “আহা, এখন্তেক জীৰাই যোৱা”।
লোহাৰ সৰু জপনাখন খুলিয়েই চকুত পৰে কাঠৰ চাংঘৰটো। বুকুত যেন বৈ আছে সি, এসোপা জীয়া স্মৃতি। আবেলিৰ ৰ’দ জাকত গা টঙাই থকা মেকুৰী তিনিটাই অৱজ্ঞাৰে চালে আমালৈ। ছাৰে আমাক ভিতৰলৈকে মাতি পঠিয়ালে। তাৰ পিছৰ সময়খিনিত কিমানযে কথা! পুৰণি ঘৰখনৰ কথা, মানুহবোৰ কংক্ৰিট হোৱাৰ কথা, ছবিৰ কথা, গানৰ কথা! ছাৰে কথাবোৰ অলপ পাহৰে বাইদেৱে মৰমৰ ধমক লগায়, “কি যা টা কথা কয়!” মাজতে গীতাশ্ৰীয়ে গাই উঠে “চেনাই মই যাওঁ দেই”। হাঁহি আৰু খুহুতিয়া কথাত জীপাল হৈ পৰে নিৰ্জন আবেলিটো।
ছাৰে কাঁহে, ধঁপাতৰ বিড়ি এটা ওঁঠৰ মাজত নজ্বলোৱাকৈ লৈ থাকে বহুপৰ। কৈ থাকে “মোক ধঁপাতে একো অপকাৰ নকৰে”। বাইদেৱে ঘপহকৈ কৈ উঠে গীতাশ্ৰীক, কোনোবা মল্লিকাৰ দৰে লগাৰ কথা। মই বাইদেউক অদ্ভুত আৱেগ এটাত চুই চাওঁ, কিমান মৰম পালে মৃত্যুমূখী মানুহ এগৰাকী জী উঠিব পাৰে বাৰু জীৱন পিয়াসী হৈ! কথাৰ মাজতে ছাৰে বাইদেউক উৰি থকা কম্বলখন ঠিক কৰি থাকে, ভালপোৱাবোৰ উৰি থাকে আমাৰ চৌপাশে সুগন্ধি হৈ।
গুচি নাহিলেও যদি হ’ল হয় সেই শান্তি আশ্ৰমৰ পৰা! কি আৱেগ সোমাই আছিল বাৰু ছাৰৰ কথাষাৰত, “তোমালোক আমাৰ লগতে থাকা!”
যাবলৈ উঠি বাইদেউৰপৰা বিদায় লওঁতে কি আছিল সেইহাল চকুত? যি আকুলতা সানি কৈ উঠিছিল, “অহাৰ বাটেৰেই উভতি যাবা!”
মোৰ কান্ধত ভৰ দি ছাৰে আমাক আগবঢ়াই দিবলৈ আহিছিল, লাখুটিডাল তেতিয়া খিৰিকীৰ গ্ৰীলত ওলমি আছিল। গীতাশ্ৰীয়ে চকি এখন আনি ৰ’দ ল’ব পৰাকৈ বহুৱাই দিছিল তেওঁক। আগবাঢ়িব নোখোজা ভৰিকেইখন চোঁচৰাই আমি আহিব ওলালোঁ। মনত আমাৰ হেজাৰ অনুভৱৰ হেঁচা।
ছাৰে হোপা বিড়িটোৰ ধোঁৱাবোৰে কুণ্ডলী পকাই আকাশ অভিমুখী যাত্ৰা কৰিছে নিৰৱে, নিস্তব্ধে। মেকুৰীকেইটা ছাৰৰ ভৰিত গা লগাই উম লোৱাত ব্যস্ত।
আমি উভতি আহিলোঁ, যোৱাৰ বাটেৰে।
(কাজল প্ৰিয়া, নামটো ভাল লাগিছিল ছাৰৰ, কেইবাবাৰো আওৰাই আছিল মুখৰ ভিতৰতে)