অসমশীৰ্ষ

পানবাৰীত দুৰ্বৃত্তৰ আক্ৰমণত এজন নিহত,আহত এজন

প্ৰথম খবৰ, ধুবুৰী: ৰাজ্যত যেন ক্ৰমাৎ বৃদ্ধি পাইছে হত্যা হিংসাৰ ঘটনা। এইবাৰ ক্ষুদ্ৰ ব্যৱসায়ীক হানি খুচি হত্যা ধুবুৰীৰ গৌৰীপুৰত। ঘটনাৰ স্থান ধুবুৰীৰ গৌৰীপুৰ আৰক্ষী থানা এলেকাৰ পানবাৰী। উল্লেখ্য যে আব্দুল কৰিম নামৰ কলেজীয়া ছাত্ৰজনে কিছুদিন পূৰ্বে পানবাৰীত আৰম্ভ কৰিছিল গেলামালৰ পাইকাৰী দোকান। ঘৰৰ পৰা কিছু নিলগত থকা দোকান বন্ধ কৰি নিশা প্ৰায় আঠ মান বজাত আব্দুলে তেওঁৰ সমনীয়া আত্মীয় আশ্ৰাফুল ইছলামক লগত লৈ ঘৰলৈ ৰাওনা হয় যদিও ঘৰ নাপাওঁতেই ৫/৬ জনীয়া অস্ত্ৰধাৰীয়ে মুখত কলা কাপোৰ বান্ধি জঙ্গলৰ পৰা ওলাই আহি অতৰ্কিতে আক্ৰমণ কৰে কলেজীয়া ছাত্ৰ তথা ক্ষুদ্ৰ ব্যৱসায়ী আব্দুল কৰিম আৰু আত্মীয় আশ্রাফুল ইছলামৰ ওপৰত। আব্দুল কৰিমক চোকা অস্ত্ৰৰে হানি খুচি হত্যাৰ চেষ্টা চাওঁতেই আশ্রাফুল ইছলামে চিঞৰ বাখৰ কৰাত আক্ৰমণকাৰী দলটোৱে পলাই পত্ৰং দিয়ে। পিছত অতি সংকজনক অৱস্হাত ১০৮ এম্বুলেন্সৰে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ নিয়া হয় আহত দুয়োজনকে। কিন্তু আব্দুল কৰিমৰ মৃত্যু হয়। আহত আশ্রাফুল ইছলাম সম্প্ৰতি ধুবুৰী অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।ইপিনে ঘটনা সংক্ৰান্তত গৌৰীপুৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিওঁ কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই। এই ঘটনাৰ পিছতেই পানবাৰী অঞ্চলত চেপা উত্তেজনা বিৰাজ কৰিছে।

Related Articles

Leave a Reply

Close