অসমনগাঁও

পুৰণিগুদামত শিশু উদ্ধাৰ

প্ৰথম খবৰ,বঢ়মপুৰঃ নগাওঁ জিলাৰ পুৰণিগুদাম আৰক্ষী চকীৰ অন্তৰ্গত কাষৰিগাৱঁত এগৰাকী শিশু উদ্ধাৰক কেন্দ্ৰ কৰি চাঞ্চ্যলৰ সৃষ্টি হয়। পুৰণিগুদামৰ কাষৰিগাঁৱত কোনো লোকে প্ৰায় ন’-দহ বছৰীয়া এগৰাকী শিশুক এৰি থৈ যায়। কোনো অজ্ঞাত লোকে ছোৱালীজনীক নেন’ গাড়ীত তুলি লৈ আহিছিল বুলি জানিব পৰা গৈছে। পাছত নিঃসহায় ছোৱালীজনীক স্থানীয় লোকে উদ্ধাৰ কৰি পুৰণিগুদাম আৰক্ষীক গটাই দিয়ে যদিও এই পৰ্য্যন্ত উদ্ধাৰ হোৱা নাই শিশুটিৰ পৰিয়ালৰ প্ৰকৃত ঠিকনা। অৱশ্যে পুৰণিগুদাম আৰক্ষীয়ে ইতিমধ্যেই শিশুটিৰ স্বাস্থ্য পৰীক্ষা কৰি নগাঁও চাইল্ড লাইনক গটাই দিয়াৰ ব্যৱস্থা কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close