অসমগুৱাহাটী

প্ৰশাসনৰ জ্ঞাতসাৰেই কহৰা সত্ৰ সভাত জুৱাৰ পয়োভৰ

চাংচাৰিৰপৰা পঙ্কজ নাথ,প্ৰথম খবৰ: কামৰূপ গ্ৰাম্য জিলাৰ কমলপুৰ সমষ্টিৰ অন্তৰ্গত কহৰা গাৱত কহৰা সত্ৰ সভা অনুস্থিত কৰা হৈছে। যোৱাকালি ৫ ফ্ৰেব্ৰুৱাৰী সোমবাৰৰ পৰা অহা ৮ ফেব্ৰুৱাৰী বৃহস্পতিবাৰলৈ এই সভাখনি উদ্‌যাপিত কৰা হ’ব। বিগত বৰ্ষৰ দৰে এই বেলিও কহৰা সত্ৰ সভাখনত উদ্যোগতা সকলে বিভিন্ন ধৰণৰ কাৰ্যসূচি হাতত ৰাখিছে। ইয়াৰ উপৰিও ইতিমধ্যে বিভিন্ন প্ৰান্তৰ সৰু বৰ ব্যৱসায়ীয়ে নিজৰ নিজৰ ব্যৱসায়বোৰ সভাস্থলীত স্থাপনো কৰিছে। সেয়েহে বৰ্তমান কহৰা অঞ্চলৰ সত্ৰ সভাস্থলীত দোকান পোহৰকে আদি কৰি সভা চোৱা মানুহেৰে সভাস্থলীত ভীৰ কৰি তোলা দৃষ্যমান হৈছে। সভাখনিত গাওবাসীৰ উপৰিও তেওঁলোকৰ আলহী অতিথি, ইষ্ট কুটুম্ব লগতে অন্যান্য প্ৰান্তৰ বহলোকৰ সমাগমো ঘটিছে। সত্ৰ সভাখনিত বিভিন্ন কাৰ্যসূচী চলি থকাৰ সমান্তৰালকৈ একাংশ অসাধু ব্যক্তিয়ে সভা চলি থকাৰ সময়ছোৱাত ধান্দী মুন্দা জুৱাৰ খেল চলাই থকা পৰিলক্ষিত হৈছে। প্ৰাপ্ত খবৰ অনুযায়ী বিভিন্ন প্ৰান্তৰ পৰা অহা জুৱাৰি কিছুমানে কহৰাৰ বিভিন্ন ঠাইত বাহৰ পাতি এইকেইদিন এই জুৱা খেলখনি সভাস্থলীত পুণ্যোদমে চলাই নিয়াৰ পৰিকল্পনা কৰিছে। সভাস্থলীত বৃহত্তৰ অংশ এটি এই জুৱা খেলখনিয়ে আবৰি ধৰাৰ উপক্ৰম ঘটাইছে। এইবিলাকৰ বাবেই গধুলি সময়ত সভাস্থলীত অধিক জুৱাৰী তথা মদাহীৰ সমাগম ঘটা বাবে গাঁৱৰ জীয়ৰী বোৱাৰী সকল লেতেৰা পৰিবেশৰ বাবে অধিক নিশালৈ থাকিব নোৱাৰে বুলি সচেতন ৰাইজে অভিমত ব্যক্ত কৰিছে। তেওঁলোকৰ ভাষ্যত এক কথাত কবলৈ গলে এই জুৱা খেলখনে সত্ৰ সভাখনিৰ সম্পূৰ্ণ পৰিবেশে বিনষ্ট কৰি পেলাই। অঞ্চলটোৰ সচেতন সমাজসেৱী ৰাইজে কহৰা সত্ৰ সভাৰ সময়ছোৱাত প্ৰায়ে এনেদৰে এক দুষ্ট চক্ৰই সভাৰ উদ্যোগতা তথা প্ৰশাখনৰ একাংশ লোকক শকত ধনৰ টোপোলাৰে মেনেজ কৰি খেলখন চলাই নিয়াৰ অভিযোগ উত্থাপন কৰিছে আৰু প্ৰশাসনৰ একাংশৰ জ্ঞাতসাৰেই যোৱাকালি জুৱা খেল সভাস্থলীত খেলা আৰু আজি বৃহৎ জুৱাৰ খেলখনি খেলিবলৈ আৰম্ভণি কৰাত উক্ত অভিযোগৰ প্ৰায় প্ৰমাণো হৈছে। এতিয়া এনেদৰে প্ৰতিবছৰে এই জুৱা খেলখন এই ঐতিহ্য মণ্ডিত সত্ৰ সভাখনিত অব্যাহত ভাৱে চলি থাকিলে এটা সময়ত সত্ৰ সভাখনি জুৱা সভা নামেৰেহে সমগ্র অসমতে পৰিছিত হ’ব বুলি সচেতন ৰাইজে খেদ প্ৰকাশ কৰিছে। সেয়েহে এইবেলি কামৰূপৰ আৰক্ষী অধীক্ষক পাৰ্থ সাৰথি মহন্ত আৰু জিলা উপায়ুক্ত কমল কুমাৰ বৈশ্যক পুৰণিকলীয়া এই সভাখনিৰ ঐতিহ্য কুলষিত কৰা এই জুৱা খেলখনিৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অঞ্চলটোৰ সচেতন মহলে দাবী জনাইছে । এতিয়া কামৰূপ জিলা আৰু আৰক্ষী প্ৰশাসনৰ মুৰব্বী বিষয়া দুয়োগৰাকীয়ে সমাজ তথা পৰিবেশ বিনষ্টকাৰী জুৱা খেলখনিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব নে সচেতন ৰাইজে প্ৰশাসনক মেনেজ কৰি উক্ত জুৱা খেলখন চলোৱাৰ যি গুৰুতৰ অভিযোগ তুলিছে সেয়া সত্য প্ৰমাণিত কৰি খেলখন অব্যাহত ৰাখিব সেয়াহে লক্ষণীয় হ’ব।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close