যুৱ

প্ৰেমৰ দিন বিশেষ: তোমাৰ বাবেই বুকুত পাতিছোঁ গোলাপৰ বাগিচা

চক্ৰধৰ বৰকাকতি

ধন,

জুবিনৰ সেই গানটো মনত আছেনে, শেষ বুলিলেই শেষ নহয়… আকৌ আৰম্ভ হয়। আজি গানটো আকৌ মনত পৰিছে। গাবলৈ চেষ্টা কৰিছোঁ। সুৰবোৰ অসুৰ হৈ পৰিছে নেকি নাজানোঁ, তথাপি গাবলৈ চেষ্টা কৰিছোঁ, ধন।

ছয়গাঁও কলেজৰ সোণাৰুবোৰে বোধকৰোঁ আমাক দেখি ঈৰ্ষাত জ্বলিছিল। ৰাষ্ট্ৰীয় ঘাইপথত ধীৰ খোজেৰে যেতিয়া আমি দিগন্তত হেৰাই গৈছিলো, তেতিয়া সোণাৰুবোৰে ডিঙি মেলি চাইছিল। সেই দিনবোৰ কিমান মধুৰ তোমাক আৰু ক’ব লাগিব জানোঁ?  সুৰীয়া সন্ধিয়াবোৰ অধিক সুৰীয়া সুৰীয়া হৈ পৰে যেতিয়া তোমাৰ ফোনকলবোৰ প্ৰযুক্তিৰ বিভিন্ন এনকোডিং ডিকোডিঙৰ সূত্ৰৰে মোৰ ম’বাইলত সোমায় মই অধীৰ হৈ পৰোঁ। মোৰ অধীৰতা, আত্মবিভোৰতা তোমাৰ কিমান ভাল লাগে নাজানোঁ কিন্তু তোমাৰ প্ৰতিটো শব্দ, তোমাৰ প্ৰতিটো অভিমান মোৰ বাবে প্ৰিয়। নহয়, প্ৰিয়তম।

স্নাতকৰ সময়ত তুমি আঁতৰি গৈছিলা, আঁৰৰ কাহিনী আজিও নাজানোঁ, কিন্তু সেই সময়বোৰে মোক দগ্ধ কৰি গৈছিল। বোধকৰোঁ ছয়গাঁও কলেজৰ কেণ্টিনৰ অৰ্ধগোলাকাৰ পৰাঠাবোৰ আৰু প্ৰেমৰ উত্তাপত উমাল হৈ পৰা বাৰান্দাৰ কথা-বাৰ্তাই তোমাকো কোনো সময়ত উত্তাল কৰি তোলে। সেই বাবেই ঘূৰি আহিলা, ন? ময়ো উৎকৰ্ণ অপেক্ষা কৰিছিলো সেই সময়খিনিৰ বাবেই। আঃ কি যে মধুৰ।

কলেজৰ পিছত লগ নোপোৱাৰ বেদনাবোৰ ফাঁচীবজাৰে পূৰণ কৰিব পাৰিছেনে ধন? তুমি যেতিয়া কাষত থাকা ফাঁচীবজাৰৰ জনসমাগম যেন কৰ্পুৰৰ দৰে উৰি যায়। ভিৰৰ মাজত একান্তই তুমি আৰু মই। অকলশৰীয়া। স্মৃতিবিধুৰতাক মই মনত ৰাখোঁ, প্ৰতি নিয়ত।

মোৰ উশাহত এতিয়া তুমি, নিশাহত তুমি। বুকুৰ উত্তাপত প্ৰোজ্বল হৈ পৰা তোমাৰ মুখখনি। আঃ। আজি আৰু নিলিখোঁ। আকৌ কেতিয়াবা লৈ আহিম অনুভূতিবোৰ। ভালপোৱাৰ গোলাপৰ বাগিচাৰ ঈষৎ চঞ্চলতাৰে খোজ দিম। কিমান সময়? বোধকৰো আজীৱন।

মুন

Related Articles

Leave a Reply

Close