যুৱ

প্ৰেমৰ দিন বিশেষ: ফাগুণে অগণি জ্বলাইছে অ’ হৃদয়ত

ছফিক আহমেদ

মৰমৰ শিল্পীশিখা,

ফাগুণৰ উতলা বতাহজাক বলাৰ সমান্তৰালভাৱে তোমাৰ বাবেও মোৰ মৰমবোৰ বাঢ়ি আহিছে। আজি তোমাক কিবা এটা কথা কোৱাৰ হেঁপাহ বাঢ়ি আহিছে, মুনু। হেঁপাহবোৰ বুকুত বান্ধি নিৰ্বাক আৰু স্পন্দনহীন হৈ থকাটো মোৰ বাবে সম্ভৱ নহয়।

মোৰ বাবে তুমি হৃদস্পন্দন হৈ পৰিছা। তুমিবিহীনভাৱে জীৱনৰ মাত্ৰ কেইটামান ক্ষণৰ কল্পনা কৰাটোও দুৰূহ। মৰূতৃষ্ণা আৰু মধুমিতাৰ চাহকাপৰ যেন চাহ নহয়, প্ৰতিকাপ চাহে আমাৰ বাবে নতুন নতুন স্মৃতি গঢ়ি তোলে। একাপ চাহ আৰু এটা নষ্টালজিয়া। মুনু, মৰূতৃষ্ণাত আমি কিমানকাপ চাহ খালোঁ বাৰু? তিনিহাজাৰ দুশ তিৰাশী কাপ? ধেমালি কৰিছোঁ। জানোঁ, ধেমালি কৰিলে তুমি মোক বেয়া নোপোৱা।

কিন্তু কেতিয়াবা অভিমানত ৰঙা পৰা তোমাৰ মুখখনি মোৰ বৰ ভাল লাগে। সেইবাবেইতো মেগা হাইটেকৰ প্লেটত অলপ অভিমানো সংযোগ কৰি দিবলৈ বৰ ভাল লাগে। সত্ৰৰ দালানত তোমাক লৈ প্ৰাণ পাই উঠা মোৰ হোলীগীত কাৰ কাৰ ওঁঠত স্পষ্ট হৈ উঠে তুমিওতো জানা। ওঁঠে ওঁঠে বাগৰি অহা আমাৰ গীতবোৰে মোক কেতিয়াবা ভবাই তোলে। আমি যেন একো একোটা ফিনিক্স হৈ পৰিছো। যাৰ মৃত্যু নাই। আমাৰ প্ৰেমৰো। আমাৰ মৰমৰো। নখান্দাৰ পাৰত অনিৰুদ্ধ হৈ বাৰে বাৰে জীয়াই উঠিব আমাৰ প্ৰেমগাথা।

প্ৰণৱ

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close