অসমগোৱালপাৰাশীৰ্ষ

প্ৰেমৰ দিৱসত প্ৰেমৰ কৰুণ পৰিণতি

দুধনৈৰ পৰা ভৱেশ চন্দ্ৰ ভাগৱতী,প্ৰথম খবৰ: ভেলেন্টাইন ডে’ৰ দিনাখনেই গোৱালপাৰা জিলাত প্ৰেমজনিত কাৰণত এহাল প্ৰেমিক প্ৰেমিকাই আত্মহত্যা কৰা ঘটনাই জিলাখনত সৰ্বত্ৰে চাঞ্চল্য সৃষ্টি কৰিছে।

আৰক্ষী সূত্ৰে জানিব পৰা মতে যোৱা নিশা গোৱালপাৰা জিলাৰ মৰনৈ থানাৰ অন্তৰ্গত হাৰিমূৰা ঘোৰাপতা ৰে’ল আলিত লালাবৰী গাঁওৰ বিশ্বজিত নাথ ওৰফে বাবলু(২৬) আৰু টাকাদিয়াবৰী গাঁওৰ হেলেন নাথ (২০) ৰ ক্ষত-বিক্ষত মৃতদেহ উদ্ধাৰ হয়।

প্ৰত্যক্ষদৰ্শীৰ পৰা জানিব পৰা মতে দুয়োৰে মাজত দীৰ্ঘদিনৰ পৰাই প্ৰেমৰ সম্পৰ্ক চলি আছিল। আত্মহত্যাৰ প্ৰকৃত কাৰণ বিচাৰি পোৱা নাই যদিও ঘটনাটোৱে অঞ্চলটোৰ লগতে সমগ্ৰ জিলাখনত শোকৰ বন্যা বোৱাইছে।

ভেলেন্টাইন ডে’ৰ নিশাই সংঘটিত হোৱা এই মৰ্মান্তিক শোকাবহ ঘটনাই কৌতুহলৰ সৃষ্টি কৰিছে। এই ঘটনাৰ পিচত স্থানীয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ক্ষত-বিক্ষত মৃতদেহ উদ্ধাৰ কৰাৰ লগতে গোৱালপাৰালৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ উপৰিও তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। উল্লেখ্য যে, যুৱতী গৰাকী স্নাতক মহলাৰ ছাত্ৰী আৰু যুৱকজন গুৱাহাটীৰ ব্যক্তিগত খণ্ডৰ কোম্পানীত কৰ্মৰত অবস্থাত আছিল বুলি স্থানীয় লোকে জানিবলৈ দিয়ে।

Related Articles

Leave a Reply

Close