অসম

প্ৰয়াত আছু কৰ্মী বিশ্বজিত বড়ালৈ দিখৌমুখ আছুৰ শ্ৰদ্ধাঞ্জলি

দিখৌমুখৰ পৰা প্ৰণৱ খাটনিয়াৰ, প্ৰথম খবৰ :
যোৱা ১ ফেব্ৰুৱাৰীত বৰডুমচা সাহিত্য সভাৰ অধিবেশন স্থলীলৈ গৈ থকা অৱস্থাত এক শোকাৱহ পথ দূৰ্ঘটনাত পতিত হৈ থিতাতে নিহত হোৱা তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰচাৰ সম্পাদক বিশ্বজিত বড়াৰ বিদেহী আত্মাৰ সদগতি কামনা কৰি আজি শিৱসাগৰ জিলাৰ দিখৌমুখ আঞ্চলিক ছাত্ৰ সন্থাই এক শ্ৰদ্ধাঞ্জলি অনুস্থান অনুস্থিত কৰে৷ দিখৌমুখৰ ভৰলুৱা তিনিআলিত এই উপলক্ষে সন্ধ্যা আয়োজন কৰা অনুস্থানত প্ৰয়াত আছু কৰ্মী গৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে বিশ্বজিত বড়ালৈ শ্ৰদ্ধাঞ্জলি জনোৱা হয়৷ দিখৌমুখ আছুৰ উপদেষ্টা ভাস্কৰ শইকীয়া আঁতধৰা তথা উপদেষ্টা সত্যব্ৰত গোস্বামী, অভিজিত বড়া আৰু সভাপতি-সম্পাদক ক্ৰমে ত্ৰিদীপ কলিতা, অংকুৰজ্যোতি ওজাৰ লগতে স্থানীয় বহু সংখ্যক ৰাইজ উপস্থিত থকা অনুস্থানত শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সাংগঠনিক সম্পাদক নৱজ্যোতি ওজাই বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ন কৰে৷ অন্যহাতে উক্ত অনুস্থানতে কালি সন্ধ্যা দূৰ্ঘটনাত পতিত হৈ সংকট জনক অৱস্থাত বৰ্তমান ডিব্ৰুগড়ত চিকিৎসাধীন হৈ থকা দিখৌমুখ আছুৰ প্ৰাক্তন সম্পাদক দেৱাশীষ বড়াৰ আশু আৰোগ্য কামনা কৰিও বন্তি প্ৰজ্বলন কৰা হয়৷ উক্ত বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ন কৰে উপদেষ্টা অভিজিত বড়াই৷

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close