অসম

প্ৰৱীণ শিল্পী দুলাল ৰয়লৈ ‘জীৱন শিল্পী আদ্য শৰ্মা বঁটা’

প্ৰথম খবৰ,নলবাৰী: অসমৰ স্বনামধন্য শিল্পী তথা নলবাৰীৰ সু সন্তান,ভ্ৰাম্যমাণ থিয়েটাৰৰ বলিষ্ঠ কলা নিৰ্দেশক, প্ৰয়াত গুৰজী আদ্য শৰ্মাৰ তৃতীয় মৃত্যু দিৱস অহা বাইশ ফেব্ৰুৱাৰীত নলবাৰী আৰ্ট স্কুলৰ উদ্যোগত জীৱন শিল্পী দিৱস হিচাপে দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হ’ব। ইয়াৰ লগত সংগতি ৰাখি অইনবাৰৰ দৰে এইবাৰো ‘জীৱন শিল্পী আদ্য শৰ্মা ২০১৮ বটাঁ ‘ প্ৰদান কৰা হ’ব।

উল্লেখ্য যে এইবেলি নাট্য জগতৰ কলাত্মক সৃষ্টিৰ অধিকাৰী শিল্পী দুলাল ৰয়ক এই বটাঁ প্ৰদান কৰা হ’ব। আৰ্ট স্কুলৰ যুটীয়া সম্পাদক নৃপেন কুমাৰ শৰ্মা আৰু আব্দুল মান্নাফে জনোৱা মতে বটাঁ প্ৰদান অনুষ্ঠানৰ লগতে স্থানীয় বিধায়ক পুঁজিৰ ধনেৰে নিৰ্মাণ কৰা মঞ্চখন উদ্বোধন কৰিব স্থানীয় বিধায়ক অশোক কুমাৰ শৰ্মাই আৰু ৰাজ্যসভাৰ সাংসদ এলেকা পুঁজিৰ ধনেৰে নিৰ্মাণ হোৱা নতুন ভৱনটো উদ্বোধন কৰিব ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতাই। ইফালে চিত্ৰশিল্প খছনুৰ আহমেদেৰ গামোচা অকাঁ শিল্প প্ৰদৰ্শনী উদ্বোধন কৰিব বিশিষ্ট চিত্ৰশিল্প আমিনুল হকে ।মুকলি সভা আৰু বটাঁ প্ৰদান অনুষ্ঠানত সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালক দেৱপ্ৰসাদ মিশ্ৰ,সমাজকৰ্মী গনেশ তামূলী, গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ অনুষ্ঠান কাৰ্যবাহী বিভূ দত্ত অতিথি হিচাপে থাকে । সন্ধিয়া নলবাৰী আৰ্ট স্কুলৰ ছাত্ৰ ছাত্ৰীৰ, শিল্পীৰ দ্বাৰা ‘ৰামবিজয়’ নামৰ নাটক খন মঞ্চস্থ কৰা হ’ব। পুৱাৰ ভাগত পতাকা উত্তোলন, গুৰুজীৰ আৱক্ষ মূৰ্তিত মাল্যাৰ্পন আৰু স্মৃতি তৰ্পন ,শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হ’ব। তদুপৰি জীৱন শিল্পী দিৱসৰ লগত সংগতি ৰাখি ১৭ আৰু ১৮০ ফেব্ৰুৱাৰীত আৰ্ট স্কুলৰ ছাত্ৰ ছাত্ৰীৰ মাজত চিত্ৰাংকন, সংগীত আৰু নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close