অসমগুৱাহাটী

বনবিভাগৰ নিযুক্তি প্ৰক্ৰিয়াত অসন্তুষ্ট বনমন্ত্ৰী

কাজিৰঙাৰপৰা ৰাজেশ বেলোৱাৰ,প্ৰথম খবৰঃ বনমন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্ম শনিবাৰে নিশা কাজিৰঙাত উপস্থিত হৈ কাজিৰঙাৰ স্থানীয় যুৱক-যুৱতীক নিযুক্তি দিয়াৰ ক্ষেত্ৰত বিবেচনা কৰাৰ আশ্বাস দিলে সংবাদ মাধ্যমৰ আগত৷

উল্লেখ্য যে, কাজিৰঙাৰ স্থানীয় যুৱক-যুৱতীয়ে বিশেষ গঁড় সুৰক্ষা বাহিনীৰ নিযুক্তি প্ৰক্ৰিয়াত শাৰীৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছতো লিখিত পৰীক্ষাৰ বাবে নাম উল্লেখিত নোহোৱাক লৈ অব্যাহত আছিল প্ৰতিক্ৰিয়া৷ ইফালে, কাৰ্বি আংলঙৰ অবাধ পাহাৰ খনন ৰোধত অসহায় বনমন্ত্ৰী৷ বনমন্ত্ৰীৰ অকপট স্বীকাৰ -স্বায়ত্ব পৰিষদে নামানে চৰকাৰৰ নিৰ্দেশনা৷ সংবাদ মাধ্যমৰ ওপৰতো বনমন্ত্ৰীৰ ক্ষোভ প্ৰকাশ৷ ৰাজ্যত শিল-বালিৰ অভাৱ হ’লেও সংবাদ মাধ্যমে গালি পাৰে বন বিভাগক বুলি আশ্বৰ্যকৰ মন্তব্য বনমন্ত্ৰীৰ৷ উল্লেখ্য, কাজিৰঙাৰ দক্ষিণে কাৰ্বি আংলঙৰ অবাধ পাহাৰ খননে ভাবুকি আনিছে বন্যপ্ৰাণীলৈ। আবাসভূমিৰ সংকোচন ঘটিছে বন্যপ্ৰাণীৰ৷ তাৰপাছতো বনধংস ৰোধত চূড়ান্ত অসফল বনবিভাগ৷ আনহাতে, পাপনৰ সন্দৰ্ভত বনমন্ত্ৰী প্ৰমীলাৰ মন্তব্য-
পাপনে ক্ষমা বিচাৰিছে৷ এয়া চৰ্চ্চাৰ বিষয় হৈ থাকিব নালাগে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close