অসমগুৱাহাটীশীৰ্ষ

বন্যপ্ৰাণীৰ মৃত্যু,ট্ৰেক্টৰ কেলেংকাৰী,পাহাৰ খননক লৈ সৰৱ কৃষক নেতা অখিল গগৈ

কাজিৰঙাৰপৰা ৰাজেশ বেলোৱাৰ,প্ৰথম খবৰঃ ৰাজ্যত বন্য প্ৰাণীৰ নিৰাপত্তাহীনতাৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে কৃষক নেতা অখিল গগৈ৷ কাজিৰঙাত আজি সংবাদ মাধ্যমৰ আগত অখিল গগৈয়ে কয় যে, বনবিভাগৰ দায়িত্বহীনতাৰ বাবে দিনক দিনে বৃদ্ধি পাই আহিছে বন্যপ্ৰাণী মৃত্যুৰ সংখ্যা৷ বন্য প্ৰাণীৰ বৰ্ধিত হাৰত মৃত্যু ৰোধ কৰিবলৈ অপাৰগ হোৱা বনমন্ত্ৰীক ৰাজহুৱা ভাৱে ক্ষমা বিচৰাৰ দাবী জনায় কৃষক নেতা গৰাকীয়ে৷ আনহাতে, ৰে’লৰ খুন্দাত হাতীৰ মৃত্যুৰ ঘটনা হৃদয় বিদাৰক বুলি দুখ প্ৰকাশ কৰি গগৈয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে বন বিভাগ আৰু ৰে’ল বিভাগৰ সমন্বয়ৰ অভাৱত ক্ৰমাৎ বৃদ্ধি পাই আহিছে হাতীৰ ৰে’ল দুৰ্ঘটনা৷ গগৈৰ দাবী ৰে’ল বিভাগে অতি শীঘ্ৰে বন্যহস্তীৰ নিৰাপত্তা সুনিশ্চিত কৰক, বনবিভাগৰ স’তে সমন্বয় স্থাপন কৰি ব্যৱস্থা গ্ৰহণ কৰক৷ অন্যথা ৰে’ল বিভাগৰ বিৰুদ্ধে সজোৰ প্ৰতিবাদ কৰিবলৈ বাধ্য হ’ব বুলি গগৈয়ে প্ৰকাশ কৰে ৷ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া পাহাৰ সমূহত চলি থকা অবাধ শিল খননৰ কোৱাৰী সমূহ বন্ধ কৰাৰ দাবী তুলি অখিল গগৈয়ে কয় যে, কোৱাৰী সমূহৰ খননে প্ৰাকৃতিক পৰিৱেশ বিনষ্ট কৰাৰ লগতে বন্যপ্ৰাণীৰ আৱাসভূমি সংকুচিত কৰিছে৷ বানৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অধিকাংশ বন্যপ্ৰাণীয়ে দাঁতি কাষৰীয়া পাহাৰ সমূহত আশ্ৰয় লয় বুলি উল্লেখ কৰি কৃষক নেতা গৰাকীয়ে কয় যে, এই পাহাৰ খনন বন্ধ নকৰিলে বন্য প্ৰাণীৰ আৱাসভূমি তথা বিচৰণ ভূমিৰ ক্ষেত্ৰত ভৱিষ্যতে ব্যাপক অনিশ্চয়তাই দেখা দিব ৷ আনহাতে, ৰাজ্যত ট্ৰেক্টৰ বিতৰণৰ নামত সংঘটিত কেলেংকাৰীৰ অভিযোগক লৈও সৰৱ হৈ পৰে কৃষক নেতা অখিল গগৈ৷ গ্ৰামাঞ্চলৰ জনগণৰ উন্নয়ণৰ হেতু ৰাজ্যৰ ২৬ হাজাৰ গাঁৱত ট্ৰেক্টৰ বিতৰণৰ নামত ব্যাপক অনিয়ম সংঘটিত হোৱা সন্দৰ্ভত উত্থাপিত অভিযোগৰ বিষয়ক লৈ চি বি আই তদন্তৰ দাবী অখিল গগৈৰ৷ অখিলৰ দাবী দুৰ্নীতিৰ ক্ষেত্ৰত শূণ্য সহনশীলতাৰ নীতি গ্ৰহণ কৰা মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাক আওঁতালৈ আনি চি বি আই তদন্ত দিয়ক৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close