শেহতীয়া
Home / অসম / বনৰীয়া হাতী জাকৰ মাজত এটি গৃহবন্দী পৰিয়ালৰ আৰ্তনাদ, কথমপি প্ৰাণ ৰক্ষা পৰিয়ালৰ লোকৰ

বনৰীয়া হাতী জাকৰ মাজত এটি গৃহবন্দী পৰিয়ালৰ আৰ্তনাদ, কথমপি প্ৰাণ ৰক্ষা পৰিয়ালৰ লোকৰ

খেৰণিৰ পৰা কনক দেউৰী,প্ৰথম খবৰ: কাৰ্বি পাহাৰত হাতী-মানুহৰ সংঘাত অব্যাহত। কৰবাত যদি বনৰীয়া হাতীৰ আক্ৰমণত লোক গৃহহাৰা হৈছে আন কৰবাত আকৌ ভঁৰালৰ ধান খায় তহিলং কৰাৰ বিপৰীতে কৃষকৰ খেতিৰ ফচল বিনষ্ট কৰিছে। মুঠতে হাৱাইপুৰৰ হৃদয় বিদাৰক ঘটনাত মুঠ ৫ টাকৈ বনৰীয়া হাতীৰ ৰেলৰ খুন্দাত প্ৰাণহানী হোৱাৰ পাছৰে পৰা পশ্চিম কাৰ্বি আংলঙৰ এক বৃহৎ এলেকাত বনৰীয়া হাতী তাণ্ডৱ ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে।

উল্লেখ্য যে পশ্চিম কাৰ্বি আংলঙৰ খেৰণি বনাঞ্চলিক কাৰ্য্যালয়ৰ অন্তৰ্গত বৃহত্তৰ খেৰণি, হাজাগাফাৰ, ৱাটিজুৰ, মাইলু আদি অঞ্চলত বিগত পোন্ধৰ দিন ধৰি এটা বৃহৎ হাতীৰ জাকে উপদ্ৰৱ চলাই সৰ্বসাধাৰণৰ নিদ্ৰাহৰণ কৰিছে। ধাৰাবাহিকভাৱে বিগত নিশাবোৰত হাজাগাফাৰ গাওঁৰ নিবাসী ৰাজেশ্বৰ সিং, ৰামচন্দ্ৰ চৌহান, ডাংবানন্দ নাপেনছা, পৰিমল দিব্ৰাৰ লগতে ২ নম্বৰ ৱাটিজুৰ গাওঁৰ দিলীপ সিং, মনমোহন সিং আৰু ফৰেষ্ট বজাৰৰ অতুল মালাকাৰকে ধৰি বহু লোকৰ ঘৰ-দুৱাৰ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে ভঁৰালৰ ধান খায় তহিলং কৰিছে। আনকি বহু লোকৰ বাৰীৰ কলগছ-তামোল গছ, খেতিৰ ফচল আদি গচকি-ভাঙিও বিনষ্ট কৰিছে। এক কথাত ক’বলৈ গলে বনৰীয়া হাতীৰ উপদ্ৰৱৰ ফলত এক অবৰ্ণনীয় দৃশ্য দেখিবলৈ পোৱা গৈছে উল্লেখিত অঞ্চলবোৰত, পৰিত্ৰাণ নোপোৱা সমস্যাৰ সন্মুখীন আৰু উপদ্ৰৱক লৈ নিশা হলেই শংকিত হৈ পৰিছে বৃহত্তৰ অঞ্চলবাসীয়ে।

উল্লেখ্য যে, যোৱা নিশাও ২ নম্বৰ ৱাটিজুৰ গাওঁৰ মনমোহন সিঙৰ বাসগৃহত এটা ৫০-৬০ জনীয়া বনৰীয়া হাতীৰ জাকে সমগ্ৰ ঘৰটোকে আগুৰি ধৰি লণ্ডভণ্ড কৰিবলৈ ধৰে। তেনে সময়ত পৰিয়ালটোৰ শিশুসহ ৭ জনকৈ সদস্য গৃহবন্দী হৈ ৰয় আৰু প্ৰাণৰক্ষাৰ বাবে ঘৰৰ ভিতৰতে থাকি চিঞৰ-বাখৰ কৰে। কিন্তু সৌভাগ্যক্ৰমে যথোচিত সময়ত গাওঁৰ ৰাইজ আৰু বনকৰ্মী ঘটনাস্থলিত উপস্থিত হোৱাত কথমপি প্ৰাণ ৰক্ষা পৰে পৰিয়ালটোৰ সকলো সদস্যৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *

*