Home / শীৰ্ষ / বলীউডৰ মোহময়ী অভিনেত্ৰী শ্ৰীদেৱীৰ আজি অন্তিম সংস্কাৰ,মুম্বাইৰ ৱিলে পাৰ্লেত ৰাজকীয় মৰ্যদাৰে সম্পন্ন হ’ব শেষকৃত্য

বলীউডৰ মোহময়ী অভিনেত্ৰী শ্ৰীদেৱীৰ আজি অন্তিম সংস্কাৰ,মুম্বাইৰ ৱিলে পাৰ্লেত ৰাজকীয় মৰ্যদাৰে সম্পন্ন হ’ব শেষকৃত্য

ইণ্টাৰনেচনেল ডেস্ক,প্ৰথম খবৰঃ ডুবাইৰ এক বৈবাহিক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰা বলীউডৰ মোহময়ী অভিনেত্ৰী তথা প্ৰথম মহিলা ছুপাৰষ্টাৰ শ্ৰীদেৱীৰ নশ্বৰ দেহ আজি ডুবাইৰ পৰা অনা হ’ব মুম্বাইলৈ৷ মুম্বাইৰ বিলে পাৰ্লেত ৰাজকীয় মৰ্যদাৰে সম্পন্ন কৰা হ’ব অভিনেত্ৰী গৰাকীৰ শেষকৃত্য৷

এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে, ইতিমধ্যে শ্ৰীদেৱীৰ নশ্বৰ দেহৰ শাৰীৰিক পৰীক্ষা সম্পূৰ্ণ হৈছে আৰু এই পৰীক্ষাৰ তথ্য লাভ কৰাৰ লগে লগে অভিনেত্ৰীগৰাকীৰ নশ্বৰ দেহ অনা হ’ব মুম্বাইত৷ দেওবাৰে মৃত্যুবৰণ কৰা শ্ৰীদেৱীৰ নশ্বৰ দেহ ভাৰতলৈ নপঠিওৱাৰ মূল কাৰণ আছিল দেওবাৰে গধূলিলৈকে ডুবাই আৰক্ষীয়ে দিব পৰা নাছিল অভিনেত্ৰীগৰাকীৰ নশ্বৰ দেহৰ পৰীক্ষাৰ তথ্য৷ আজি শেষবাৰৰ বাবে অভিনেত্ৰীগৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ বলীউডৰ সমূহ ষ্টাৰ ইতিমধ্যে উপস্থিত হৈছে শ্ৰীদেৱী আৰু বোনী কাপুৰৰ বাসগৃহত৷

Leave a Reply

Your email address will not be published. Required fields are marked *

*