অসমশীৰ্ষ

বহিঃৰাজ্যত ৰহস্যজনক মৃত্যু অসমৰ যুৱকৰ, মৃতদেহ উদ্ধাৰ পুখুৰীত

প্ৰথম খবৰ, নামতিঃ বহিঃৰাজ্যত পুনৰ মৃত্যু হ’ল শিৱসাগৰৰ যুৱকৰ। দৰিদ্ৰতাৰ বাবে কৰ্মসংস্থাপন বিচাৰি কোম্পানীত মকৰল হোৱা শিৱসাগৰ নামতি খৰঙীৰ যুৱক কমল ঘাটোৱাৰৰ ৰহস্যজনকভাৱে মৃতদেহ পুখুৰীত উদ্ধাৰ হোৱা ঘটনাই সৃষ্টি কৰিছে ব্যাপক প্ৰতিক্ৰিয়াৰ।

অন্ধপ্ৰদেশৰ ভেনা মিলত আত্মীয়ৰ সৈতে কাম কৰিছিল শিৱসাগৰ নামতি খৰঙী গাঁওৰ মেধাৱী যুৱক কমল ঘাটোৱাৰে। অন্ধপ্ৰদেশৰ ভিমলী থানাৰ অন্তৰ্গত ভেনা মিলত কৰ্মসূত্ৰে থকা কমল ঘাটোৱাৰৰ মৃত্যুৰ খবৰ পৰিয়ালৰ লোকে লাভ কৰাৰ পিছতেই কান্দোনৰ ৰোল উঠিছে। ৰামেশ্বৰ ঘাটোৱাৰ আৰু ভানু ঘাটোৱাৰৰ পুত্ৰ কমল ঘাটোৱাৰৰ মৃত্যু সহজভাৱে ল’ব পৰা নাই পৰিয়ালৰ লোকে। কমলক হত্যা কৰি পুখুৰীত পেলাই দিয়াৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে।

আনহাতে দৰিদ্ৰ পিতৃ মাতৃৰ পুত্ৰৰ মৃতদেহ আনিবলৈ নাই সামৰ্থ। স্থানীয় ৰাইজৰ লগতে পৰিয়ালৰ পিতৃ-মাতৃৰ আহ্বান কমলৰ মৃতদেহৰ দায়িত্ব চৰকাৰে গ্ৰহণ কৰি অসমলৈ অনাৰ ব্যৱস্থা কৰক।

Related Articles

Leave a Reply

Close