অসমনগাঁও

বাৰপূজীয়াত শ্বহীদ পৰিয়ালক চৰকাৰে দিয়া ৫লাখ টকাৰ সাহাৰ্যৰে নিৰ্মাণ কৰিলে পিতৃৰ স্মৃতিসৌধ

ৰহাৰ পৰা পলাশ হাজৰীকা,প্ৰথম খবৰঃ চৰকাৰে বিভিন্ন সময়ত শ্বহীদ পৰিয়াললৈ আগবঢ়াই আহিছে আৰ্থিক তথা বিভিন্ন ধৰণৰ সাহায্য। বহু শ্বহীদ পৰিয়ালে এই সাহায্য ব্যৱহাৰ কৰে অন্য কামত। কিন্তু ৰহাৰ বাৰপূজীয়াৰ এটা শ্বহীদ পৰিয়ালে দেখুৱালে আদৰ্শ। চৰকাৰে আগবঢ়োৱা ৫ লাখ টকাৰে পৰিয়ালটোৱে নিৰ্মাণ কৰিলে শ্বহীদ পিতৃৰ নামত স্মৃতিসৌধ। ৮৩ৰ গণ আন্দোলনত নিহত হৈছিল ৰহাৰ বাৰপূজীয়াৰ সেৱক ডেকা নামৰ লোকজন৷ শেহতীয়াকৈ চৰকাৰে পৰিয়ালটোলৈ আগবঢ়ালে ৫ লাখ টকাৰ আৰ্থিক সাহায্য। কিন্তু শ্বহীদ সেৱক ডেকাৰ পুত্ৰই এই ধন অন্য কামত ব্যৱহাৰ নকৰি পিতৃৰ স্মৃতি সজীৱ কৰি ৰাখিবলৈ ঘৰৰ সন্মুখতে আটকধুনীয়াকৈ নিৰ্মাণ কৰিলে এটি স্মৃতিসৌধ। বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে স্মৃতিসৌধটো উন্মোচন কৰিলে শ্বহীদ স্মৃতি সমন্বয় সমিতিৰ মৰিগাঁও জিলাৰ সভাপতি ৰাজেন ডেককাই। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত আছুকে ধৰি বিভিন্ন সংগঠনৰলোক আৰু স্থানীয় গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে। পৰিয়ালটোৰ এনে আদৰণীয় পদক্ষেপক সকলোৱে প্ৰশংসা কৰিছে। ইপিনে এই মাংগলিক অনুষ্ঠানৰ লগত সংগতি ৰাখি পৰিয়ালটোৱে নিজ বাস ভৱনত নাম-কীৰ্তনৰো আয়জন কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close