অসমশীৰ্ষ

বিটিএডিত নতুন ভূমি নীতিৰ বিৰূদ্ধে ওৰাঙত বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ অব্যাহত

ওৰাংৰপৰা গোপাল নাথ,প্ৰথম খবৰ: হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বি পি এফ চৰকাৰে বিটিএডিত বসবাস কৰি থকা অবড়ো লোকক চৰম বঞ্চণা কৰি কেবিনেটত বিটিএডিত নতুন ভূমি নীতিৰ সিদ্ধান্ত লোৱাৰ বিৰোদ্ধে অাজি ওৰাঙত চাহ জনজাতি ছাত্ৰ সন্থা, এবি অামছু, অবড়ো সুৰক্ষা সমিতিকে ধৰি বিভিন্ন দল সংগঠন সমুহে প্ৰতিবাদ সাব্যস্ত কৰে। বিটিচি চীফ হাগ্ৰামা মহিলাৰীৰ প্ৰতিকৃতি দাহ কৰাৰ লগতে অাটছাৰ কেন্দ্ৰীয় কাৰ্য নিৰ্বাহক মোহন তাতিঁয়ে কয় যে বিটিএডিৰ হাগ্ৰামা নেতৃত্বাধীন চৰকাৰ অাৰু অসম চৰকাৰ মিছলীয়া চৰকাৰ।বিপিএফ চৰকাৰখনে গ্ৰহণ কৰা নতুন ভূমি নীতিৰ বিৰোদ্ধে মূখ্যমন্ত্ৰী সৰ্বাণন্দ সোণোৱালে চকুমুদা কুলিৰ ভাও ধৰাৰ লগতে হিমন্ত বিশ্ব শৰ্মাই শুকুনিৰ ভাও ধৰিছে। তেওঁ লগতে কয় শোষিত অাৰু বঞ্চনা মানেই হ’ল অ-বড়ো।অাটছাৰ ওৰাং অাঞ্চলিকৰ দেৱহৰি মাহাতো, মণিৰাম মাহাতো সহ কৰ্মকৰ্ত্তা সকলৰ লগতে অবড়ো সুৰক্ষা সমিতিৰ হৈ ভুপেন মেধি, ৰঞ্জন ডেকা, এবি অামছুৰ ওদালগুৰি জিলা উপ-সভাপতি ৰফিকুল ইছলামৰ উপস্থিতত প্ৰায় শতাধিক লোকে ডিভাইড বিটিএডি ৭০/৩০, হাগ্ৰামা মুৰ্দাবাদ, বি পি এফ মুৰ্দাবাদ, বিজেপি মুৰ্দাবাদ, অ-বড়োক লৈ ৰাজনীতি নচলিব অাদি বিভিন্ন শ্লো’গান দি ওৰাঙৰ অাকাশ বতাহ কঁপাই তুলে। নেতৃত্বাধীন চৰকাৰখনে অতি শীঘ্ৰে এই নতুন ভূমি নীতি প্ৰত্যাহাৰ কৰাৰ দাৱী জনায়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close