অসম

বিদ্যালয় বাহাল ৰখাৰ দাবীত চক্ৰ বিষয়াৰ কাৰ্যালয় ঘেৰাও,উত্তাল প্ৰতিবাদ

নগৰবেৰাৰ পৰা মিজানুৰ ৰহমান, প্ৰথম খবৰ: কামৰূপ গ্ৰাম্য জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত নগৰবেৰাত থকা কস্তুৰবা গান্ধী বালিকা বিদ্যালয় খন দীৰ্ঘদিন ধৰি নগৰবেৰাতে সুকলমে চলি থকাৰ পিছত হঠাৎ এই খন বিদ্যালয় ছমৰীয়ালৈ স্থানান্তৰ কৰাৰ ভাৱে সংশ্লিষ্ট বিভাগে এক ষড়যন্ত্ৰ চলোৱা ঘটনাই বৃহত্তৰ নগৰবেৰা অঞ্চলৰ ৰাইজৰ লগতে বিভিন্ন দল সংগঠনক ক্ষুন্ন কৰি তুলিছে। সংশ্লিষ্ট বিদ্যালয় খন নগৰবেৰাত বাহাল ৰখাৰ দাবীত আজি নগৰবেৰা আঞ্চলিক মৌজা কমিটিৰ উদ্যোগত কেবা সহস্ৰাধিক পুৰুষ মহিলাই স্থানীয় ৰাজহ চক্ৰ বিষয়া কাৰ্যালয় ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । ইয়াৰ উপৰিও ছমৰীয়া প্ৰাথমিক শিক্ষা খণ্ড বিষয়াৰ কাৰ্যালয়  নগৰবেৰাত স্থাপন কৰাৰ বাবে সংশ্লিষ্ট বিভাগৰ লগতে গুৱাহাটী উচ্চ ন্যায়ালয়ে একাধিক বাৰ নিৰ্দেশ দিয়া সত্ত্বেও আজিকোপতি উক্ত শিক্ষা বিষয়াৰ কাৰ্যালয় নগৰবেৰাত স্থাপন কৰাৰ বাবে কোনো পদক্ষেপ বিভাগীয় কৰ্তৃপক্ষই গ্ৰহণ নকৰাত বৃহত্তৰ নগৰবেৰা অঞ্চলৰ লগতে ইয়াৰ সমীপৱৰ্তী অঞ্চলৰ হাজাৰ হাজাৰ লোক চৰকাৰৰ ওপৰত ক্ষুন্ন হৈ পৰিছে । নগৰবেৰা কস্তুৰবা গান্ধী বালিকা বিদ্যালয়খন যাতে নগৰবেৰাৰ পৰা কোনো পধ্যেই ছমৰীয়ালৈ নিব নোৱাৰে আৰু ছমৰীয়াত থকা ছমৰীয়া প্ৰাথমিক শিক্ষা খণ্ড বিষয়াৰ কাৰ্যালয়টো যাতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক সন্মান জনাই নগৰবেৰাত স্থাপন হয় তাৰ জোৰদাৰ দাবীত আজি নগৰবেৰা আঞ্চলিক মৌজা কমিটিৰ উদ্যোগত কেবা সহস্ৰাধিক পুৰুষ মহিলা, ছাত্ৰ-ছাত্ৰী আৰু পশ্চিম কামৰূপ ছাত্ৰ সন্থাৰ কেবা শতাধিক কৰ্মীয়ে একত্ৰিত হৈ নগৰবেৰা বজাৰৰ পৰা হাতে হাতে বেনাৰ, পোষ্টাৰ, প্লে কাৰ্ড আদি লৈ এক বৃহৎ সমদল উলিয়াই নগৰবেৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হয়। ষড়যন্ত্ৰকাৰী হুছিয়াৰ, বি ই ই অফিচ নগৰবেৰাত স্থাপন কৰক, কস্তুৰবা গান্ধী বালিকা বিদ্যালয় স্থানান্তৰ কৰা নচলিব,আমাৰ দাবী মানিবই লাগিব আদি বিভিন্ন শ্লোগানেৰে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় চৌহদত কপাই তোলে প্ৰতিবাদকাৰী সকলে । চক্ৰ বিষয়াৰ কাৰ্যালয়ত প্ৰতিবাদকাৰী সকলে প্ৰায় তিনি ঘন্টা সময় জুৰি প্ৰতিবাদ অব্যাহত ৰখাৰ পিছতহে চক্ৰ বিষয়া ধ্ৰুৱজ্যোতি দাস কাৰ্যালয়ৰ পৰা ওলাই আহে। ইয়াৰ পূৰ্বে ঘটনাস্থলীত উপস্থিত থকা আৰক্ষীৰে প্ৰতিবাদকাৰী সকলৰে সৈতে ঠেলা হেচাঁ হোৱা দেখা যায়। ছমৰীয়া প্ৰাথমিক শিক্ষা খণ্ড বিষয়াৰ কাৰ্যালয় খন নগৰবেৰাত স্থাপন কৰাৰ লগতে কস্তুৰবা গান্ধী বালিকা বিদ্যালয় খন নগৰবেৰাত বাহাল ৰখাৰ দাবীত প্ৰতিবাদকাৰী সকলে নগৰবেৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ধ্ৰুৱজ্যোতি দাসৰ জৰিয়তে ৰাজ্যৰ শিক্ষা মন্ত্ৰী, মিছন ডাইৰেক্টৰ আৰু জিলা উপায়ুক্তলৈ পৃথকে পৃথকে স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।
মিজানুৰ ৰহমান

Related Articles

Leave a Reply

Close