অসম

বিমান ভাৰা হ্ৰাস,কেন্দ্ৰ-ৰাজ্য চৰকাৰৰ সিদ্ধান্তক হজ যাত্ৰীৰ আদৰণি

কলগাছিয়াৰপৰা আব্দুল হাই,প্ৰথম খবৰ: দেশখনত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে চলিত বৰ্ষৰ জানুৱাৰী মাহত হজযাত্ৰাৰ ৰাজসাহাৰ্য্য কৰ্তন কৰাৰ এমাহৰ পিছত কেন্দ্ৰীয় চৰকাৰে হজযাত্ৰীৰ বিমান ভাৰা হ্ৰাস কৰাৰ বাবে হজযাত্ৰী সকল উৎফুল্লিত হৈ পৰিছে। ভাৰতৰ পৰা মক্কা ছৌদি আৰৱ লৈ যাবলগীয়া হজযাত্ৰী সকলে এই সুবিধা লাভ কৰিব বুলি কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী মুখতাৰ আব্বাছ নাকভিয়ে জানিবলৈ দিয়ে। দেশৰ ২১ বিমান বন্দৰৰ পৰা হজযাত্ৰীয়ে এই সুবিধা লাভ কৰিব বুলি জনা গৈছে। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তক এইবাৰৰ হজযাত্ৰী তথা এটা টিভি চেনেলৰ জেষ্ঠ্য সাংবাদিক ও কলগাছিয়া মহকুমা সাংবাদিক সংস্থাৰ সভাপতি আব্দুল হায়ে এক প্ৰেছ বিবৃতি যোগে শুভেচ্ছা জ্ঞাপন কৰিছে। সাংবাদিক গৰাকীয়ে আৰু কয় যে ইয়াৰ দ্বাৰাই নিশ্চয় হজযাত্ৰী সকল উপকৃত হ’ব। এতিয়াৰ পৰা হজযাত্ৰীক লৈ ৰাজনীতি আৰু অৰ্থনৈতিক শোষন বন্ধ হ’ব বুলিও তেওঁ আশা প্ৰকাশ কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close