শেহতীয়া
Home / অসম / বিহালী বনাঞ্চলত বন্যহস্তী নিধন যজ্ঞ

বিহালী বনাঞ্চলত বন্যহস্তী নিধন যজ্ঞ

প্ৰথম খবৰ,বৰগাং: বিগত বুধবাৰে বিহালী সংৰক্ষিত বিহালী বনাঞ্চলত চুবুৰীয়া ৰাজ্য অৰুণাচলী দুস্কৃতিকাৰী দলে অতি জঘন্যভাৱে বন্দুক গুলীৰে এটা বন্যহস্তী নিধন কৰি দেহৰ মাংস, শূঁৰ বখলা-বখলে কাটি লৈ যোৱা ঘটনাৰ তদন্তৰ বাবে আজি বিহালী সংৰক্ষিত বনাঞ্চলত উপস্থিত হয় চি চি এফ বিষয়া৷ ৰাজ্যৰ বন মন্ত্ৰী প্ৰমীলা ৰানী ব্ৰহ্মৰ নিৰ্দেশত বন বিষয়া চি চি এফ গৰাকীয়ে চৰজমিন তদন্ত কৰি প্ৰকৃত সত্য উন্মোচন কৰিৱলৈ ঘটনাস্থলী পৰিদৰ্শণ কৰে৷ অতি তাৎপৰ্যপূৰ্ণ বিষয় যে, যি সময়ত বিহালী বনাঞ্চল খনত একাংশ পৈশাচিক চৰিত্ৰৰ অৰুণাচলীয়ে বনাঞ্চলৰ মূল্যৱান গছ-গছনি কাটি তহিলং কৰাৰ লগতে বন্যহস্তী নিধন কৰি জীৱকুল নিঃশেষ কৰাত উঠি পৰি লাগিছে৷ শেহতীয়াভাৱে চুবুৰীয়া ৰাজ্যৰ অৰুণাচলীৰ দানৱৰ দলে বিহালী সংৰক্ষিত বনাঞ্চল ভিতৰত প্ৰৱেশ কৰি দিন দুপৰতে প্ৰাপ্তবয়স্ক বন্যহস্তী হত্যা কৰি যোৱা প্ৰকৃত ঘটনা বন বিষয়া চি চি এফৰ চকুৰ পৰা গাঁপ দিয়াৰ চক্ৰান্তত উঠি পৰি লাগিছে পুৱ শোনিতপুৰ বন সংমণ্ডল বন বিষয়া গৰাকীয়ে৷

জানিব পৰামতে, যোৱা শুক্ৰবাৰে বিয়লি বেলা মৃত হস্তীটো উদ্ধাৰ হোৱাৰ পিছতেই মহাপ্ৰতাপী পুৱ শোণিতপুৰ বন বিষয়া গৰাকীৰ নেতৃত্ব তথা পৰামৰ্শত বৰদাং বনাঞ্চলিক হিষয়া গৰাকীয়ে জেচেবিৰে মৃত হস্তীটো পুঁতি দিয়ে৷ অভিযোগ মতে, মহাপ্ৰতাপী ডিএফ অ’ গৰাকীয়ে বন্যহস্তী তদন্তৰ বাবে ৰাজ্যৰ বন মন্ত্ৰীয়ে কোনো শীৰ্ষ বন বিষয়াক বন্যহস্তী নিধন যজ্ঞৰ চৰজমিন তদন্তৰ বাবে বিহালী বনাঞ্চললৈ প্ৰেৰণ কৰাৰ পূৰ্বানুমান কৰি ঘটনা সংঘটিত হোৱা দিনাই লৰা ঢপৰাকৈ দ গাঁত খনন কৰি মৃত বন্যহস্তীটো পুঁতি পেলাই৷ ইফালে, আজি বনাঞ্চল খনত উপস্থিত হৈ শীৰ্ষ বন বিষয়া চি চি এফ গৰাকীয়ে পুৱ শোনিতপুৰ বন সংমণ্ডলৰ ডি এফ অ’ৰ এনে কৰ্মকাণ্ডত জাঙুৰ খাই উঠি বন বিষয়াক ৰাজহুৱাভাৱে ধমক সোধাৱলৈ বাধ্য হৈ পৰা পৰিলক্ষিত হয়৷ পুৱ শোণিতপুৰৰ ডি এফ অ’ গৰাকীয়ে বন মন্ত্ৰীৰ কঠোৰ নিৰ্দেশত বিহালী বনাঞ্চলত সোঁ শৰীৰে উপস্থিত হোৱা চি চি এফক মৃত হসত্ৰীৰ দেহ পুঁতি এই বন্যহস্তীৰ মৃত্যুৰ কাৰণ স্বাভাৱিক বুলি পতিয়ন নিৱলৈ প্ৰচেষ্টা কৌশল অৱলম্বন কৰিছে৷ অন্যহাতে, বিহালী সংৰক্ষিত বনাঞ্চলত অৰুণাচলীৰ দৌৰাত্মত বন্যহস্তীৰ নিধন যজ্ঞৰ প্ৰকৃত ছবি অন্ধকাৰত ৰাখিৱলৈ বিচৰা বুলি অভিযোগ উঠিছে৷ সমান্তৰালভাৱে, ডি এফ অ’ গৰাকীৰ বিৰূদ্ধে উত্থাপন হৈছে আন এক চাঞ্চল্যকৰ অভিযোগ যে, পুৱ শোণিতপুৰ বন বিষয়া গৰাকীয়ে দৰাচলতে অৰুণাচলী দুস্কৃতিকাৰী বৰ্বৰ দলক আইনগতভাৱে সুৰক্ষা দিৱলৈ গৈ প্ৰকৃত ঘটনা চি চি এফ গৰকাৰী চকুৰ পৰা আঁতৰ ৰাখি প্ৰকাৰন্তৰে এইয়া স্বাভাৱিক ঘটনাৰ ৰূপ দিৱলৈ চৰম নিকৃষ্ট পন্থা অৱলম্বন কৰিছে৷ পুৱ শোণিতপুৰ বন বিষয়া গৰাকীৰ মূখ্যপৃষ্টপোষকতাত পুৱ শোণিতপুৰত গঢ়লৈ উঠিছে চোৰাং কাঠ ব্যৱসায়ৰ লগতে বন্য প্ৰানী নিধন যজ্ঞ ৷ বিভাগীয় দায়িত্ব-কৰ্তৱ্যৰ বিপৰীতে শীত-তাপ নিয়ন্ত্ৰিত কোঠাক দিনৰ দিনটো কটাই মাথো এখন বনজ সম্পদৰ ৰমৰমীয়া বেহা চলাই থকাৰো অভিযোগ উঠিছে৷ সিফালে, কোনো প্ৰভাৱশালী ৰাজনীতিকৰ আশীৰ্বাদপুষ্ট ডিএফ অ’ গৰাকীৰ শাস্তিমুলক বদলিৰ দাবী উত্থাপন হৈছে বিহালীত ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

*