কবিতা

ব্লাডী ৰোজ ডে্..

পুনম পেনিলোপ নাথ

আজি হেনো ৰোজ ডে্
এপাহি গোলাপৰ মুল্য আজি ইমান বেছিনে….?
ৰোজ ডে্ ফুলপাহৰ জীৱন কাল কিমান ছেকেণ্ড …..
কেইঘন্টা সতেজ থাকিব
এইপাহ গোলাপ
এদিন, এমাহ, এবছৰ
নে জীৱন ব্যাপি থাকিব
এই গোলাপৰ সুগন্ধ….।

মই যোৱাবছৰ গোলাপৰ বিছনাত শুইছিলোঁ….
ৰঙা গোলাপ…
সৰগৰ পাৰিজাততকৈও মূল্যবান আছিল প্ৰতিটো গোলাপ…
প্ৰেমৰ প্ৰতীক আছিল প্ৰতিপাহ ফুল….
হাঁহিৰ খিলখিলনি..
শ্বাস…
নিশ্বাস…
প্ৰতিশ্ৰুতিৰ সাক্ষী হৈ আছিল প্ৰতিপাহ গোলাপ….
কতা …
আজি চোন তাৰ চিন মোকামেই নাই…. ।
চাল্লা..
ব্লাডী ষ্টুপিড ৰোজ ডে্
তেজপিয়া ৰোজ ডে্…. ।

যোৱাবছৰৰ দৰে
আজিও হেনো ৰোজ ডে্….
চেম ডে্…..
আজি কিন্তু গোলাপৰ সেই সুগন্ধি নাই….
এক কদৰ্যময় দুৰ্গন্ধ বিয়পিছে ৰোজৰ পৰা…
ঠিক হৃদয়ত আঘাত লাগি হোৱা কেচাঁ ঘা টুকুৰাৰ দৰেই গোন্ধ….
নষ্ট হৈ যোৱা লেতেৰা তেজৰ গোন্ধ…
কেচাঁ তেজ…
নিজৰ তেজৰ গোন্ধ …. ।
চাল্লা…
ব্লাডী ৰোজ ডে্
সচাঁকৈ তই
তেজপিয়া ৰোজ ডে্….. ।
.
.
আৰম্ভ হল আজিৰ পৰা
ৰোজ ডে্
চকলেট ডে্
হাগ ডে
কিছ ডে…..
কিমান ডে…
নানান ডে…
আহি থাকিব ডে বাই ডে…..
চাল্লা ব্লাডী ডে….
ৰোজ ডে্…..
ভিত্তিহীন ডে্….।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close