Home / অসম / বড়োলেণ্ড চুক্তি স্বাক্ষৰ হোৱা দিনটোতে ক্ষোভ উজাৰিলে অসমীয়া যুৱ মঞ্চই

বড়োলেণ্ড চুক্তি স্বাক্ষৰ হোৱা দিনটোতে ক্ষোভ উজাৰিলে অসমীয়া যুৱ মঞ্চই

নিউজ ডেস্ক,প্ৰথম খবৰ: বিটিচিত বসবাস কৰা ভাষিক অসমীয়াকে ধৰি বিভিন্ন জাতি জনগোষ্ঠী সমূহে বিটিচিত সম অধিকাৰ আৰু সম উন্নয়ত পোৱা নাই। আনকি ৰাজনৈতিক দলত নথকা একাংশ বড়ো লোকেও সম উন্নয়নৰ সুবিধা পোৱা নাই বিটিচিত। বড়োলেণ্ড চুক্তি স্বাক্ষৰ হোৱা দিনটোতে এই মন্তব্যৰে ক্ষোভ উজাৰিলে অসমীয়া যুৱ মঞ্চৰ ওদালগুৰি জিলা সমিতিয়ে।

আজি এক বিবৃতি যোগে অসমীয়া যুৱ মঞ্চৰ ওদালগুৰি জিলা সমিতিৰ সভাপতি মিন্টু দাস আৰু সচিব প্ৰধান ধনদ্বীপ বৰাই কয় ” বিটিচি চুক্তি স্বাক্ষৰ হোৱা পিছতে বিশেষকৈ ভাষিক অসমীয়া সকল বিটিচিত বিভিন্ন দিশৰ পৰা বঞ্চিত হৈ আহিছে। নিযুক্তিকে ধৰি বিভিন্ন ঠিকা বা অনুদানৰ ক্ষেত্ৰত ভাষিক অসমীয়া সকলে ন্যায় লাভ কৰা নাই। স্বাধীনতা পূৰ্বৰে পৰা বসবাস কৰাৰ পিছতো ভাষিক অসমীয়াই ভূমি অধিকাৰৰ পৰা বঞ্চিত কৰাটো হাগ্ৰামা মহিলাৰীৰ অক্ষমনীয় অপৰাধ”। লগতে যুৱ মঞ্চই যোৱা ১৬ বছৰত বিটিচি পৰিষদত কাৰ্যবাহী সদস্য হিচাপে এজনো ভাষিক অসমীয়াক স্থান নিদিয়াটো ক্ষোভ প্ৰকাশ কৰে। যুৱ মঞ্চৰ অভিযোগ, বিটিচিত পঞ্চায়ত নিৰ্বাচন নহ’লে বিটিচিত কেতিয়াও সম অধিকাৰ বা সম উন্নয়ন নহয়। বিটিচিত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰো পোষকতা কৰে যুৱ মঞ্চই। এনে বহু কাৰণতে বিটিচিত বড়ো-অবড়ো বুলি এক সংঘাত আৰম্ভ হৈছে বুলিও অসমীয়া যুৱ মঞ্চৰ ওদালগুৰি জিলা সমিতিয়ে অভিযোগ উত্থাপন কৰি এনে সংঘাটপূৰ্ণ পৰিৱেশৰ সমাধান কৰিবলৈ বিটিচি প্ৰশাসনক দাবী উত্থাপন কৰে। বিটিচিত বড়ো ভাষাৰ সমান্তৰালকৈ অসমীয়া ভাষা ব্যৱহাৰ কৰিবলৈ সকলো অনুষ্ঠানলৈ জাননী প্ৰেৰণ কৰিবলৈও অসমীয়া যুৱ মঞ্চৰ ওদালগুৰি জিলা সমিতিয়ে হাগ্ৰামা মহিলাৰীক দাবী উত্থাপন কৰাৰ লগতে আগন্তুক দিনত বিটিচিত বসবাস কৰা প্ৰতিটো খিলঞ্জীয়া পৰিয়ালক সম অধিকাৰ, সম উন্নয়ত আৰু ভূমি অধিকাৰ প্ৰদান নকৰিলে অসমীয়া যুৱ মঞ্চই ইয়াৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি সকিয়নি প্ৰদান কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*