শেহতীয়া
Home / অসম / বৰক্ষেত্ৰীত নাই পেলু প্ৰতিশেধক টেৱলেট

বৰক্ষেত্ৰীত নাই পেলু প্ৰতিশেধক টেৱলেট

বৰক্ষেত্ৰীৰপৰা জয়ন্ত ডেকা,প্ৰথম খবৰ: যি সময়ত ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে স্বাস্থ্যখণ্ডত সংস্কাৰ হোৱা বুলি দম্ভালি মাৰি ফুৰিছে ঠিক তেনে সময়তে বৰক্ষেত্ৰীত ওলাই পৰিছে স্বাস্থ্য বিভাগৰ প্ৰকৃত ছবিখন৷

উল্লেখযোগ্য যে, যোৱা কালিৰ পৰা অনুষ্ঠিত হৈছে ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ অভিযান৷ এই অভিযানতে ৰাজ্যখনৰ স্বাস্থ্য বিভাগৰ ফপোলাস্বৰূপটো ওলাই পৰিছে৷ পেলু নিৰ্মূল অভিযান দিৱসৰ সময়তে নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ মুকালমুৱাত নাই পেলু প্ৰতিশেধক টেৱলেট৷ পেলু প্ৰতিশেধক টেৱলেট বিচাৰি মুকালমুৱা মহকুমা স্বাস্থ্যখণ্ড হাহাকাৰ কৰিছে বিভিন্ন জনে৷ স্বাস্থ্যখণ্ডত টেৱলেট নাপাই উভতি যাৱলগীয়া হৈছে বৰক্ষেত্ৰী অঞ্চলৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয়ৰ শিক্ষক,শিক্ষয়ত্ৰী সকল৷ তথ্য অনুযায়ী বৰক্ষেত্ৰী সমষ্টিৰ মুকালমুৱা মহকুমা স্বাস্থ্যখণ্ডত প্ৰয়োজন ৮০ হেজাৰ প্ৰতিশেধক টেৱলেট৷ কিন্তু আজি পৰ্য্যন্ত মুকালমুৱা স্বাস্থ্য খণ্ডলৈ স্বাস্থ্য বিভাগে যোগান ধৰিছে মাত্ৰ আধা সংখ্যকহে প্ৰতিশেধক টেৱলেট৷ যাৰ ফলত এতিয়া পেলু প্ৰতিশেধক টেৱলেট বিছাৰি মুকালমুৱা স্বাস্থ্যখণ্ডত হাহাকাৰ কৰিছে একাংশই৷ ইপিনে পেলু প্ৰতিশেধক টেৱলত সন্ধৰ্ভত সংবাদ মাধ্যমৰ পৰা আতৰি আছে মুকালমুৱা মহকুমাৰ স্বাস্থ্য খণ্ডৰ স্বাস্থ্য বিষয়াজন সহ বৰক্ষেত্ৰী ব্লক প্ৰগ্ৰেম মেনেজাৰজন৷ এতিয়া প্ৰশ্ন হয় দেশৰ ভৱিষ্যত শিশুৰ সৈতে স্বাস্থ্যবিভাগৰ এনে ল’ৰা ধেমালীৰ বিষয়ে অৱগত হয় নে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী গৰাকী৷ যদিহে অৱগত নহয় তেন্তে বৰক্ষেত্ৰীৰ এনে ঘটনাত সন্ধৰ্ভত ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে তাৎক্ষনিক ভাৱে কি মন্তব্য আগবঢ়াই সেয়া পৰবৰ্তী সময়ত লক্ষনীয় হ’ৱ ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

*