নলবাৰীসভা-সমিতি

বৰক্ষেত্ৰীৰ মুগদিত বিনামুলীয়া চিকিৎসা শিৱিৰ

বৰক্ষেত্ৰীৰপৰা জয়ন্ত ডেকা,প্ৰথম খবৰ: নলবাৰী জিলাৰ বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ মুগদিত আজি এক বিনামুলীয়া চিকিৎসা শিৱিৰ অনুষ্ঠিত হৈ যায়৷ ভাটিকুটি ইণ্ডিয়া ফাউণ্ডেচনৰ অৰ্থ সাহাৰ্য্যত আৰু ৰাষ্ট্ৰীয় গ্ৰামীণ বিকাশ নিধিৰ সহযোগত উক্ত শিৱিৰটো অনুষ্ঠিত হয়৷ বৰক্ষেত্ৰীৰ মুগদি-ৰামপুৰ গাওঁ পঞ্চায়তৰ কাৰ্য্যালয়ত বিনামুলীয়া চিকিৎসা শিৱিৰটো অনুষ্ঠিত হয়৷ উক্ত চিকিৎসা শিৱিৰটোত অঞ্চলটোৰ তিনি শতাধিক স্থানীয় লোকে চকু পৰীক্ষা কৰাৰ লগতে স্বাস্থ্য পৰীক্ষা কৰায়৷ শিৱিৰটোত ৩০৪ গৰাকী পুৰুষ-মহিলা উভয়ে বিনামুলীয়াকৈ স্বাস্থ্য পৰিক্ষা কৰায়৷ গুৱাহাটী শংকৰদেৱ নেত্ৰালয়ৰ কেইবাজনো চিকিৎসকে চকু পৰিক্ষা কৰাৰ লগতে নলবাৰী জিলাৰ দুইজন অভিজ্ঞ চিকিৎসকে উক্ত শিবিৰটোত লোকসকলৰ আন দিশত বিনামুলীয়াকৈ চিকিৎসা সেৱা আগবঢ়ায়৷ বিনামুলীয়া চিকিৎসা সেৱা প্ৰদান কৰাৰ সমান্তৰালকৈ বিভিন্ন ৰোগৰ ঔষধো যোগান ধৰে ৰোগীসকলক৷ চিকিৎসা শিৱিৰটোৰ অন্তত ৰাষ্ট্ৰীয় গ্ৰামীণ বিকাশ নিধিৰ নলবাৰীৰ কো-অৰ্ডিনেটৰ নিপেন ভূ্ঞাই সংবাদ মাধ্যমৰ আগত কয় যে গাওঁৰ দৰিদ্ৰ লোকসকলক এনে সুবিধা প্ৰদান কৰাৰে প্ৰধান উদ্দেশ্য বুলি মন্তব্য কৰে৷ আনহাতে উক্ত বিনামুলীয়া চিকিৎসা শিৱিৰটোত ভাটিকুটি ইণ্ডিয়া ফাউণ্ডেচনৰ বিষয়া বিকাশ কুটুছ উপস্থিত থাকে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close